তামুলপুৰঃ তামুলপুৰ জিলাৰ বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে বানাক্ৰান্তসকলৰ ওচৰত
ত্ৰাণ কৰ্তাৰ ৰূপত থিয় দিছে জিলাখনৰ দুটাকৈ স্বেচ্ছাসেৱী সংগঠনে৷ শিখৰ এডভেঞ্চাৰ ক্লাব গোৰেশ্বৰ আৰু গ্ৰীন ট্ৰেক এডভেঞ্চাৰ, বগামাটীৰ সদস্য সকলে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী আৰু জিলা প্ৰশাসনৰ আহ্বান মৰ্মে বিগত তিনি দিন ধৰি বানত আবদ্ধ লোক সকলক উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে৷
লগতে পঢ়কঃনিশ্চিহ্ন হোৱাৰ পথত অপূৰ্ব সৌন্দৰ্য্যৰে ভৰা নামেৰী বনভোজস্থলী
গ্ৰীন ট্ৰেক এডভেঞ্চাৰৰ দলপতি তথা সাংবাদিক জুলিমা ডেকা তথা শিখৰ এডভেঞ্চাৰ ক্লাবৰ সভাপতি পূ্ৰ্ণ ডেকাৰ নেতৃত্বত তিনিখন ৰাফ্টিং বোট লৈ তামুলপুৰ জিলাৰ বৰবিলা, গুৱাকুচি, হাহকাটা, চাপাতল, ২নং ডোঙাৰ গাওঁ, কাউৰবাহা, মাদৈকাটা আদিত বানত আবদ্ধ হৈ থকা শিশু, মহিলা, বৃদ্ধ সহ প্ৰায় দুই শতাধিক লোকক উদ্ধাৰ কৰে
এডভেঞ্চাৰ ক্লাৱ, গোৰেশ্বৰ আৰু গ্ৰীন ট্ৰেক এডভেঞ্চাৰ, বগামাটীৰ সদস্য সকলে৷ দুৰ্যোগৰ সময়ত দিন-ৰাতি একাকাৰ কৰি স্বেচ্ছাসেৱী সংগঠন দুটাৰ সদস্য সকলে বানাক্ৰান্ত লোক সকলক উদ্ধাৰ কৰি নিৰাপদ ঠাইলৈ লৈ অনাত তামুলপুৰৰ বিভিন্ন দল-সংগঠনে কৃতজ্ঞতা জ্ঞাপন কৰিছে সংগঠন দুটাৰ সদস্য সকলক৷