তামুলপুৰ : গছৰ পাতত বিভিন্ন চিত্ৰ অংকন কৰি সমাদৃত তামুলপুৰৰ ডিম্পী বৰ্মন। তামুলপুৰৰ বৰখোপা নিবাসী হৰেশ্বৰ বৰ্মন আৰু গীতাঞ্জলী বৰ্মনৰ কন্যা ডিম্পী বৰ্মন।প্ৰতিভাক কোনেও বাধা দিব নোৱাৰে। মনত অদম্য হেপাঁহ থাকিলে সেই প্ৰতিভাক কোনেও বাধা দি ৰাখিব নোৱাৰে। ডিম্পী বৰ্মনৰ মনতো আছে অদম্য হেপাঁহ। সেই হেঁপাহৰ সাহসৰ বলতে ডিম্পী বৰ্মন আজি এই অৱস্থাত উপনীত হৈছে।

তামুলপুৰ মহকুমাৰ বৰখোপা গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী ডিম্পী বৰ্মন৷ ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতক মহলাৰ অৰ্থনীতি বিভাগৰ চতুৰ্থ সান্মাষিকত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ আছে এটি শিল্পী সূলভ মন৷ ফেচবুকত আনৰ শিল্প কৰ্ম দেখি অনুপ্ৰাণিত হোৱা ডিম্পী বৰ্মনে নিজ ঘৰতে গছৰ পাতত চিত্ৰ অংকনৰ অনুশীলন আৰম্ভ কৰিছিল।

কাঠ পেঞ্চিল, কলম আদি চিত্ৰ অংকনৰ সঁজুলি লৈ হাতী, ঘোৰা আদি জীৱ জন্তু, দেৱ-দেৱীকে ধৰি ৰংঘৰ, তাজমহল আৰু অসমৰ লগতে ভাৰতৰ মাণচিত্ৰও অংকন কৰি যায় ব্লেড আৰু কেঁঁচিৰে ডিম্পী বৰ্মনে। ডিম্পী বৰ্মনৰ হাতত কেতিয়াবা যদি ৰজা-মহাৰাজাই প্ৰাণ পাই উঠিছে, কেতিয়াবা দেৱ-দেৱী অথবা গৌতম বুদ্ধই প্ৰাণ পাই উঠে।

লগতে পঢ়ক: তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ ভিতৰৰ পৰাই বাইক চুৰি

গছৰ পাততে কেৱল নহয় শিলত বা কণী আদিটো ভিন্ন ৰুচিৰ চিত্ৰ অংকন কৰি শিল্প চৰ্চা আগবঢ়াই লৈ যোৱা ডিম্পী বৰ্মনে কিতাপ পঢ়ি আৰু খেলিও ভাল পায়। অধ্যয়নৰ সমান্তৰালকৈ গছৰ পাতত, শিলত বা কণীত ভিন্নধৰ্মী চিত্ৰ অংকন কৰা কাৰ্যই কেৱল চিত্ৰৰসিককে নহয় সাধাৰণ জনতাকো দি গৈছে বেচ আমোদ৷ এতিয়া ডিম্পী হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,127 other subscribers

Leave a comment

Leave a Reply