তামুলপুৰ : বাক্সাৰ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ আৰু এমচিএলএৰ দলৰ। দুৰ্বল আন্তঃগাঁথনিক লৈ উদ্বিগ্ন কাৰ্যবাহী সদস্য গৰাকী। তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গোৰেশ্বৰৰ স্বাস্থ্য কেন্দ্ৰত এখনকৈ এম্বুলেন্স দিয়াৰ ঘোষণা।

বাক্সাৰ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ উপস্থিত হৈ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি দুৰ্বল আন্তঃগাঁথনি দেখি উদ্বিগ্ন হৈ পৰে।
অৰূপ কুমাৰ দে’ৰ লগত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, গোৰেশ্বৰৰ এমচিএলএ পৱিত্ৰ কুমাৰ বড়ো, বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাৰ লগতে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেবেন বড়ো।

স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ কাৰ্যবাহী সদস্য গৰাকী আৰু এমচিএলএৰ দলটোৱে চিকিৎসক ডাঃ গৌতম মেধিৰ লগত আলোচনাত মিলিত হয় আৰু স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাথনিৰ বুজ লোৱাৰ লগতে বিভিন্ন সমস্যা সমূহৰ বিষয়ে পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত কাৰ্যবাহী সদস্য গৰাকীয়ে চিকিৎসালয়খনৰ গৃহ সমূহ আৰু চাৰিসীমা পৰিদৰ্শন কৰে।

কাৰ্যবাহী সদস্য গৰাকীয়ে কয় “তামুলপুৰ মহকুমাৰ এইটো এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য কেন্দ্ৰ যদিও ইয়াৰ আন্তঃগাথনি অতি নিম্নমানৰ। যিহেতু এইটো বিটিচি প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টিৰ স্বাস্থ্য কেন্দ্ৰ, এই কেন্দ্ৰটো অতি শীঘ্ৰেই উন্নয়ন কৰা হ’ব। ইয়াৰ উপৰিও বিটিচিত স্বাস্থ্য বিভাগটোক বিভিন্ন দিশত আগুৱাই নিয়াৰ ব্যৱস্থা কৰা হ’ব।”

তামুলপুৰৰ কাউলীৰ তৰুণ গাঁৱত ক’ভিডৰ ভয়াবহ সংক্ৰমণ সন্দৰ্ভত তেওঁ কয় যে যিহেতু ক’ভিড এটা সংক্ৰামক ৰোগ, গতিকে ইয়াক ৰোধ কৰিবলৈ জনসাধাৰণে চৰকাৰী নীতি-নিয়ম মানি চলিবই লাগিব। তেওঁ ৰাইজক ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনায়।

লগতে পঢ়ক : কাৰাগাৰৰ প্ৰৰহীক জলকীয়া গুড়ি ছটিয়াই ৭ কয়দীৰ পলায়ন, ক’ত ঘটিল এই ঘটনা?

তামুলপুৰত উপস্থিত হোৱাৰ পূৰ্বে কাৰ্যবাহী সদস্য গৰাকীয়ে বাক্সাৰ বৰঘূলি, গোৰেশ্বৰ,শুক্লাই ছেৰফাঙৰ স্বাস্থ্য কেন্দ্ৰ সমূহো পৰিদৰ্শন কৰে আৰু আন্তঃগাঁথনিৰ লগতে বিভিন্ন সমস্যা সমূহৰ বুজ লয়। তামুলপুৰ পৰিভ্রমনৰ সময়ত কাৰ্যবাহী সদস্য গৰাকীয়ে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখন এম্বুলেন্স আৰু গোৰেশ্বৰৰ স্বাস্থ্য কেন্দ্ৰত এখন এম্বুলেন্স দিয়া হব বুলিও ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply