তামুলপুৰঃ তামুলপুৰত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি নাৰী সৰবৰাহকাৰীৰ পলায়নৰ চেষ্টা।

নাৰী ব্যৱসায়ী জেহিৰুল ইছলামে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে জেহিৰুললৈ লক্ষ্য কৰি গুলীচালনা কৰে।

জেহিৰুলে যোৱা ২৬ এপ্ৰিলত ৯ বছৰীয়া কন্যা সন্তানসহ এগৰাকী মহিলাক তামুলপুৰৰ পৰা অপহৰণ কৰিছিল।

প্ৰেমৰ চলনাৰে জেহিৰুলে শিশু সহ মহিলাক অপহৰণ কৰি বিক্ৰী কৰিছিল বিহাৰৰ কিষাণগঞ্জ জিলাৰ প্ৰেমনগৰৰ নিষিদ্ধ এলেকাত।

লগতে পঢ়কঃপ্ৰেমৰ চলনাৰে শিশুসহ মহিলাক অপহৰণ কৰা দুস্কৃতিকাৰী আটক

বৃহস্পতিবাৰে তামুলপুৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলক।

আৰক্ষীয়ে তদন্তৰ বাবে ৰামেচুবৰী গাঁওলৈ লৈ যোৱা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল জেহিৰুলে।

তেতিয়া আৰক্ষীয়ে জেহিৰুললৈ লক্ষ্য কৰি গুলী চালনা কৰাত ভৰিত গুলি লাগি আহত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply