তামুলপুৰ : তামুলপুৰ আৰক্ষীৰ অন্য এক বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন গাঞ্জা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জব্দ গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ টকা বুলি জানিব পৰা গৈছে।
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে তামুলপুৰ আৰক্ষীৰ এক বৃহৎ ড্ৰাগছ বিৰোধী সফলতা। বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিলে তামুলপুৰ আৰক্ষীয়ে।
এক গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে তামুলপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপণ গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ৩০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে গাঞ্জা সৰবৰাহকাৰী জ্যোতি দাসক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : মুক্তাৰ আলী নামৰ আৰক্ষী জোৱানে জব্দ কৰিলে ২ কোটি টকা মূল্যৰ হে’ৰইন
গাঞ্জা সৰবৰাহকৰী জ্যোতি দাস কুমাৰিকটাৰ ৩ নং কালিপুৰৰ বাসিন্দা। জ্যোতি দাসে গাঞ্জাখিনি ওদালগুৰি জিলাৰ পৰা আনি কুমাৰিকটাস্থিত নিজ বাসগৃহত ৰাখিছিল। তামুলপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।