তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰৰ দ্বাৰকুছিত শনিবাৰে বিয়লি প্রায় ৩-৪৫ বজাত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। টেম্পো আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘর্ষত বাইক আৰোহি জনৰ মৃত্যু হয়।
তামুলপুৰৰ দিশৰ পৰা ৰঙিয়া অভিমুখে আহি থকা টেম্পো আৰু গুৱাহাটীৰ পৰা তামুলপুৰ অভিমুখে আহি থকা বাইকৰ মাজত মুখামুখী সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী ৩০ বছৰীয়া বাপুকণ দাস থিতাতে নিহত হয়। নিহত বাপুকণ দাসৰ ঘৰ তামুলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুছিৰ পঠালিকুছিত বুলি জানিব পৰা গৈছে।
আৰু পঢ়কঃ কেঁচা চাহ পাতৰ মূল্য হ্ৰাস পোৱাত অন্ধকাৰ নামিছে খেতিয়কৰ
বাপুকণ দাস গুৱাহাটীৰ পৰা পঠালিকুছিৰ নিজ গৃহলৈ আহি থকা অৱস্থাত ৰঙিয়া-ভূটান পথৰ দ্বাৰকুছি চকত টেম্পোৰ লগত মুখামুখি সংঘৰ্ষ হয়। দুর্ঘটনাত বাপুকণ দাস থিতাতে নিহত হোৱাৰ লগতে টেম্পো চালক নাথুৰাম দাস আৰু তেওঁৰ পত্নী অভয়া দাস গুৰুতৰ ভাৱে আহত হয় l