তামুলপুৰ : লকডাউনত সময়ৰ সৎ ব্যৱহাৰ কৰি অসম বুকচ অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল তামুলপুৰৰ এজন যুৱক৷ শিলত লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল, জন্তৰ মন্তৰ, লটাচ টেম্পল, কুটুবমিনাৰ অংকন কৰি এই সন্মান আজুৰি আনিলে তামুলপুৰৰ গেৰুৱা গাঁৱৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ছাত্ৰ কৃষু ৰামছিয়াৰীয়ে।
অসম বুকচ অফ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হ’ল তামুলপুৰৰ এজন যুৱকৰ। নিজৰ শিল্প কৰ্মৰ জড়িয়তে অসম বুকচ অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰি গৌৰৱ আজুৰি আনিলে তামুলপুৰৰ যুৱকজনে৷ তামুলপুৰ মহকুমাৰ গেৰুৱাৰ কৃষু ৰামচিয়াৰী নামৰ যুৱকজন সক্ষম হৈছে অসম বুকচ অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ।
ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে লকডাউনৰ সময়ত তামুলপুৰ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কৃষু ৰামচিয়াৰীয়ে পথৰ পৰা শিল বুটলি আনি শিলৰ ওপৰত লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল, জন্তৰমন্তৰ, লটাচ টেম্পল, কুটুবমিনাৰ অংকন কৰি অসম বুকচ অফ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হয়৷ যুৱকজন সৰুৰে পৰা আসক্ত আছিল চিত্ৰ শিল্পৰ প্ৰতি৷
ছৱি আকি ভালপোৱা কৃষু ৰামচিয়াৰীয়ে লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল, জন্তৰমন্তৰ, লটাচ টেম্পুল, কুটুবমিনাৰ শিলত ১৫ মিনিটৰ পৰা ৩০ মিনিটৰ ভিতৰত অংকন কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। যুৱকজনে শিলৰ ওপৰত অংকন কৰা চিত্ৰ শিল্পৰ তথ্য অসম বুকচ অফ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে ৷
লগতে পঢ়ক : এইবাৰ ধাবাত চলিল আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান
নিজৰ নাম অসম অসম বুকচ অফ ৰেকৰ্ডছত লিপিৱদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা কৃষু ৰামচিয়াৰীয়ে ভৱিষ্যতে ইণ্ডিয়া বুকচ অফ ৰেকৰ্ডত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিব দিয়ে৷ কৃষু ৰামচিয়াৰীয়ে শিলত এই সমূহ চিত্ৰ অংকন কৰাৰ লগতে চাহপাত আৰু গছৰ পাত চিত্ৰ অংকন কৰি ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কৃৃষুু ৰামচিয়াৰীয়ে এই সমূূূহ চিত্ৰ অংকন কৰাৰ লগতে চাহপাতত বড়ো জনগোষ্ঠীৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম আৰু গছৰ পাতত বিভিন্ন চিত্ৰ অংকন কৰিছে।