গুৱাহাটী : আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ‘পেন ডাউন’ নামৰ তপোশ্ৰী বৰুৱাৰ প্ৰথমখন গ্ৰন্থৰ। ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ সমালোচক, পৰিচালক তথা আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া উৎপল দত্তই আঁত ধৰা দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আই পি এছ বিষয়া আবু চুফীয়ান, ‘দ্যা ম্যিষ্টিক চিনাৰছ’ ৰ লেখিকা প্ৰয়াসী বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিশালদ্বীপ কাকতি আদি ব্যক্তি সকল।
সকলো স্তৰৰ পাঠকৰ জীৱনৰ সৈতে সামঞ্জস্য ৰখা বক্তব্য সম্বলিত ‘পেন ডাউন’ গ্ৰন্থখনে তথাকথিত সামাজিক ভাৱধাৰাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বুলি নিজৰ মন্তব্য দাঙি ধৰে লেখিকা প্ৰয়াসী বৰুৱাই।
ইতিমধ্যে ভালেকেইখন কিতাপ লিখি সাহিত্যিক হিচাপে স্বীকৃতি লাভ কৰা আই পি এছ বিষয়া আবু চুফীয়ানেও নিজৰ বক্তব্যত উদিয়মান লেখিকা তাপশ্ৰী বৰুৱাক শুভ কামনা জ্ঞাপন কৰে। অধিবক্তা বিশালদ্বীপ কাকতিয়েও গ্ৰন্থ আৰু পাঠকৰ এৰাব নোৱাৰা সম্পৰ্কৰ বিষয়ে নিজ বক্তব্য দাঙি ধৰি এনে ধৰণৰ আৰু গ্ৰন্থ লিখি যাবৰ বাবে তাপশ্ৰী বৰুৱাক উৎসাহিত কৰে।
লগতে পঢ়ক- কামাখ্যাত ৰেলৰ পৰা উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ
নিজৰ প্ৰথমখন কিতাপ উন্মোচন কৰি যথেষ্ট আনন্দ লাভ কৰি কিতাপখনৰ বিষয় বস্তু সম্পৰ্কে চমু বক্তব্য ৰাখে তাপশ্ৰী বৰুৱাই।ইংৰাজী ভাষাত প্ৰকাশিত এই কিতাপখন এমাজʼন আৰু ফ্লিপকাৰ্টত উপলব্ধ।