গুৱাহাটী : কামৰূপ মহানগৰ জিলাত মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ পদক্ষেপ। ‘টাস্ক ফৰ্চ’ক অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰ মূল্য তদাৰক কৰিবলৈ নিৰ্দেশ উপায়ুক্তৰ।

কামৰূপ মহানগৰ জিলাৰ অধীনৰ বৃহত্তৰ গুৱাহাটীৰ অত্যাৱশ্যকীয় সামগ্ৰী, মূলতঃ আলু, পিয়াজ, শাক-পাচলি, মাছ, মাংস আদিৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ বজাৰ বিশেষে পৃথক পৃথককৈ গঠন কৰা হৈছে ‘টাস্ক ফৰ্চ’।

লগতে পঢ়ক :  সোণাপুৰত অসম ৰাজ্যিক ৰোড চাইক্লিং প্ৰতিযোগিতাৰ সামৰণি

একোজনকৈ কাৰ্যবাহী দণ্ডাধীশৰ অধীনত গঠন কৰা এই ‘টাস্ক ফৰ্চ’সমূহক তৎকালীনভাৱে বজাৰসমূহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তদাৰক কৰিবলৈ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে। দায়িত্ব দিয়া নিজ নিজ এলেকাৰ বজাৰসমূহ পৰিদৰ্শন কৰি এই ‘টাস্ক ফৰ্চ’ সমূহে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিৰীক্ষণ কৰিব আৰু জিলা উপায়ুক্তক এইবিষয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply