গুৱাহাটী : কভিড পৰিস্থিতিৰ সুযােগ লৈ কোনাে অসাধু ব্যৱসায়ীয়ে সামগ্ৰীৰ কৃত্রিম নাটনিৰ অজুহাতত গ্রাহকৰ পৰা অধিক মুনাফা আদায় কৰিব নােৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষ্যত অত্যাৱশ্যকীয় সামগ্রী ব্যৱসায়ী সন্থা, আলু-পিয়াঁজৰ পাইকাৰী ব্যৱসায়ী সন্থা, শাক-পাচলিৰ ব্যৱসায়ী সন্থা আৰু কণীৰ পাইকাৰী ব্যৱসায়ী সন্থাৰ প্রতিনিধি বর্গৰ লগতে কামৰূপ মহানগৰ জিলাৰ খাদ্য, অসামৰিক যােগান ও গ্রাহক পৰিক্ৰমা বিভাগ আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ বিষয়াবৰ্গৰ সৈতে কামৰূপ মহানগৰ জিলা প্রশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়। অতিৰিক্ত উপায়ুক্ত নৰেণ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনত অত্যাৱশ্যকীয় সামগ্রীৰ উপলব্ধতা আৰু দৰৰ ওপৰত বিশদভাৱে আলােচনা কৰা হয়।

সভাত অতিৰিক্ত উপায়ুক্তজনে কভিডৰ সময়ত কোনােকাৰণতে যাতে জনসাধাৰণে অধিক মূল্যত সামগ্রী কিনিবলগীয়া নহয় তাৰ প্রতি সতর্ক হৈ থাকিবলৈ সকলাে ব্যৱসায়ী সন্থাক আহ্বান জনায়। বৈঠকত ব্যৱসায়ী সন্থাৰ প্রতিনিধিসকলে অত্যাৱশ্যকীয় সামগ্রীৰ লগতে আলু-পিয়াঁজ, শাক-পাচলি, কণী আদি পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি জানিবলৈ দিয়ে। তেল, দাইল জাতীয় সামগ্রী আৰু কণীৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱসায়ী সন্থাই জনায় যে উৎসতে মূল্যবৃদ্ধি হােৱাৰ বাবে জিলাখনতাে কিছু কিছু প্রভাৱ পৰিছে। সভাত আলােচনামর্মে কেতবােৰ সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলাৰ ফাঁচিবজাৰ এলেকাৰ যােগান বিষয়াই প্রত্যেক দিনাই অত্যাৱশ্যকীয় সামগ্রীৰ মজুত ও মূল্য তদাৰক কৰি উৰ্দ্ধতম কর্তৃপক্ষক অৱগত কৰিব লাগিব।

কামৰূপ মহানগৰ জিলাৰ সকলাে যােগান বিষয়াই নিজ নিজ এলেকা সমূহত নিয়মীয়া তদাৰক কৰিব যাতে কোনাে অসাধু ব্যৱসায়ীয়ে গ্রাহকৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ বিক্রিৰ নামত অধিক মুনাফা আদায় কৰিব নােৱাৰে। প্রয়ােজনত তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে, কামৰূপ মহানগৰ জিলা প্রশাসনৰ তৰফৰ পৰা মহানগৰৰ বজাৰ সমূহ তদাৰক কৰাৰ বাবে কার্যবাহী দণ্ডাধীশৰ নেতৃত্বত যােগান বিভাগৰ বিষয়া, জোখ-মাখ বিভাগৰ বিষয়া, কৃষি বিপণন পৰিষদৰ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ বিষয়া আৰু স্থানীয় আৰক্ষী বিষয়াক জড়িত কৰি চাৰিটাকৈ ‘টাস্ক ফর্চ’ গঠন কৰা হৈছে।

কোনাে অসাধু ব্যৱসায়ীয়ে, গ্রাহকৰ পৰা অত্যাৱশ্যকীয় সামগ্রী যেনে চাউল, তেল, দাইল, আলু-পিয়াঁজ, শাক-পাচলি, কণী আদি বিক্রি বিনিময়ত যাতে অত্যাধিক মুনাফা আদায় কৰিব নােৱাৰে তাৰ তদাৰক কৰিবলৈ এই ‘টাস্ক ফর্চ’ সমূহে দৈনিক গুৱাহাটী মহানগৰৰ এলেকাৰ বজাৰসমূহ পৰিদৰ্শন কৰিব আৰু প্রয়ােজনত তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply