নিউজ ডেস্ক : গুৱাহাটী মহানগৰীত অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ প্ৰতি নজৰ দিবলৈ অসম চৰকাৰে এটা ‘টাস্ক ফৰ্চ’ গঠন কৰে।

মঙলবাৰে খাদ্য, যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰকাৰী বিষয়া, চেম্বাৰ্চ অৱ কমাৰ্চৰ প্ৰতিনিধি আৰু মহানগৰীৰ পাইকাৰী আৰু খুচুৰা চবজি ব্যৱসায়ীৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে।

চৰকাৰী বিষয়া আৰু ব্যৱসায়ীসকলৰ পৰা অত্যাৱশকীয় সামগ্ৰীৰ মূল্য সম্পৰ্কে মতামত গ্ৰহণ কৰাৰ পিছত মন্ত্ৰী গৰাকীয়ে বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলক লৈ এটা টাস্ক ফৰ্চ গঠন কৰাৰ ঘোষণা কৰে।

এগৰাকী দণ্ডাধীশৰ লগতে গুৱাহাটী পৌৰনিগম, ৰাজ্যিক কৃষি বিপনন নিগম, পশু চিকিৎসা বিভাগ আৰু মহানগৰ আৰক্ষীৰ বিষয়াক লগতে লৈ উক্ত টাস্ক ফৰ্চ গঠন কৰা হৈছে।

গুৱাহাটী মহানগৰত অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ মূল্য যাতে নিয়ন্ত্ৰণত থাকে তাক নিশ্চিত কৰিবলৈ মন্ত্ৰী দাসে উক্ত টাস্ক ফ’ৰ্চক দৈনিক বজাৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে কোৱা হয়।

লগতে পঢ়ক : শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply