গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীৰ বৰসজাইত ‘অসম অট’মােবাইলছ প্রাইভেট লিমিটেড’ নামৰ টাটা মটৰ্ছৰ এটা নতুন ডিলাৰশ্বিপ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মূলতঃ লঘু বাণিজ্যিক বাহন বিপণনৰ ব্যৱস্থা থকা এই ডিলাৰশ্বিপটোৱে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক বিশেষভাৱে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

অনুষ্ঠানত বক্তব্য আগবঢ়াই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ক’ভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত অট’মােবাইল উদ্যোগটোৱে বিশ্বজুৰি গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হােৱা সময়তে নতুনকৈ এটা যানবাহনৰ ডিলাৰশ্বিপ আৰম্ভ কৰি প্ৰাগ নিউজ’ৰ পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে এক সাহসী পদক্ষেপৰ পৰিচয় ডাঙি ধৰিছে। এগৰাকী সফল উদ্যোগী হিচাপে বহুসংখ্যক যুৱক-যুৱতীক সংস্থাপিত কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে মুখ্যমন্ত্ৰীয়ে ড° নাৰায়ণৰ শলাগ লয়।

অসমৰ সৈতে টাটা গ্রুপৰ দীর্ঘদিনীয়া সম্পর্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে টাটা মটৰ্ছ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ কোটি টকাৰ বৰঙনি আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। সেইদৰে ৫০০ কোটি টকাৰাে অধিক পুঁজি বিনিয়ােগেৰে টাটা ট্রাষ্টৰ সহযােগত ৰাজ্যখনত ১৭ খনকৈ কৰ্কট ৰােগ চিকিৎসালয় স্থাপনৰ কথাও তেওঁ বিশেষভাৱে উল্লেখ কৰে। অসমত যানবাহন নির্মাণ প্রকল্প আৰম্ভ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰীয়ে টাটা মটৰ্ছৰ প্রতি আহ্বান জনায়।

লগতে পঢ়ক :  কামৰূপ জিলাত অব্যাহত আছে আবকাৰী বিভাগৰ চুলাই মদ বিৰোধী অভিযান

অনুষ্ঠানত ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জলসম্পদ মন্ত্রী পিযুষ হাজৰিকা, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশােক সিংহল আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈও উপস্থিত থাকে। অনুষ্ঠানত টাটা মটৰ্ছৰ উপাধ্যক্ষ ৰাজেশ কৌল, ‘প্রাগ নিউজ’ৰ পৰিচালন সঞ্চালক তথা ‘অসম অট’মােবাইলছ প্রাইভেট লিমিটেড’ৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্রহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,155 other subscribers

Leave a comment

Leave a Reply