আজি অসম বিধান সভা চৌহদত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অত্যাধিক কৰৰ বোজাৰে সৰ্বসাধাৰণক সন্ত্ৰাসিত কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে।
শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে কয় যে যোৱা বছৰলৈকে শিৱসাগৰ নগৰৰ পৌৰসভাই সম্পত্তি কৰ বছৰি সৰ্বমুঠ ৪ কোটি টকা সংগ্ৰহ কৰিছিল, তাৰ বিপৰীতে এই বছৰ সেই কৰ বছৰি সৰ্বমুঠ ১৩ কোটি টকালৈ বৃদ্ধি পাইছে।
তেওঁ উল্লেখ কৰি কয় যে, যোৱাবছৰলৈকে প্ৰত্যেকগৰাকী ব্যক্তিয়ে বছৰি মাত্ৰ ১০০০ টকা সম্পত্তি কৰ আদায় কৰিছিল, এতিয়া সেই কৰ ২৩, ০০০ টকালৈ বৃদ্ধি পাইছে।
জানিব পৰা মতে, শিৱসাগৰ চহৰতেই সম্পত্তি কৰ ৩২৫ শতাংশ পৰ্যন্ত কৰ বৃদ্ধি কৰা হৈছে।
বিধায়ক অখিল গগৈয়ে কয় যে অসমৰ নগৰ সমূহৰ জনসাধাৰণে অত্যাধিক কৰ সংগ্ৰহৰ বিৰুদ্ধে যি প্ৰতিবাদ গঢ়ি তুলিছে, তাৰ প্ৰতি তেওঁৰ পূৰ্ণ সমৰ্থনত আছে। তেখেতে ৰাজ্যবাসীক ৰাজপথলৈ ওলাই আহি এই অন্যায়ভাৱে কৰ বৃদ্ধিৰ প্ৰতিবাদ তীব্ৰতৰ কৰিবলৈ আহ্বান জনায়।
আনহাতে তেওঁ কয় যে, বিদ্যুৎ মাচুল যি ব্যাপক ৰোপত বৃদ্ধি পাইছে তাৰ ক্ষেত্ৰত দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসীত অঞ্চলৰ ভিতৰত অসমৰ স্হান নৱম বুলি তেওঁ উল্লেখ কৰে।
বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ধিক্কাৰ দি কয় যে এই অত্যাধিক কৰ আৰু জৰিমনাৰ যি সন্ত্ৰাস চলাইছে সেই কৰৰ সন্ত্ৰাস বন্ধ হব লাগে।
তেওঁ সৰ্বসাধাৰণক লুটি পুটি খোৱাৰ নীতি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে।