টাই আহোম সকলক জনজাতিকৰণৰ দাবীত দিল্লী কঁপালে টাইপাই। দেশৰ ৰাজধানী দিল্লীত অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম যুৱ পৰিষদ অসমে।
টাই আহোম সকলক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান সংগঠনটোৰ। ইফালে টাই আহোম সকলক জনজাতিকৰণ প্ৰদানৰ নামত বাৰম্বাৰ প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।
আনহাতে অতিশীঘ্ৰেই চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত তীব্ৰ প্ৰত্যাহ্বান জনোৱা হ’ব বুলি দিল্লীৰ জন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীৰপৰাই হুংকাৰ দিলে টাইপাই।