কিছু দিনৰ আগতে মনোহাৰী চাহ বাগিছাৰ চাহ প্ৰতি কেজিত ৯৯,৯৯৯ টকাত নিলাম হোৱাৰ পিছত কালিৰ দিনটোত পুনৰ সৰ্বোচ্চ দৰত অসমৰ চাহ নিলাম হ’ল ।
ডিব্ৰুগড়ৰ নাহোৰচুকবাৰীৰ “এ এফ টী ফেক্টৰী”ৰ গোল্ডেন পাৰ্ল (সোনালী মুকুতা) নামৰ চাহ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোত ৯৯,৯৯৯ অৰ্থাৎ প্ৰায় এক লাখ টকাত বিক্ৰী হৈ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ ডিকমত থকা বটলীফ ফেক্টৰীৰ এই চাহ বিভিন্ন ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ক্ৰয় কৰা চাহ।
এই ঘটনাই ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহে এইবাৰ বিশ্বৰ বজাৰত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়। বিভিন্ন সময়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলে বটলীফ ফেক্টৰী বোৰৰ পৰা উচিত মূল্য লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

এনে সময়তে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ক্ৰয় কৰা চাহ ‘চাহ নিলাম কেন্দ্ৰত সৰ্বোচ্চ দৰত বিক্ৰী হয়। আছাম টী ট্ৰেডাৰ্চ নামৰ গ্ৰুপটোৱে এই অভিলেখ সংখ্যক মুল্যত ক্ৰয় কৰে চাহ খিনি।

উল্লেখযোগ্য যে যোৱা ১৪ ডিচেম্বৰত ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ গল্ডেন টীয়ে চাহ নিলাম কেন্দ্ৰত ৯৯,৯৯৯ টকাত বিক্ৰী কৰি অভিলেখ সৃষ্টি কৰিছিল। এইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত হোৱা চাহে অভিলেখ গঢ়িবলৈ সক্ষম হয়।

লগতে পঢ়ক- আনন্দ মিশ্ৰ আতৰিল যদিও নগাৱত এনকাউন্টাৰ বন্ধ হোৱা নাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply