ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ জালনি চাহ বাগিচা বন্ধ কৰিলে প্ৰশাসনে। বাগিচাখনত কৰ্মৰত ১৩৩ জন লোক কভিড ১৯ত আক্ৰান্ত হোৱাৰ পিছতে প্ৰশাসনে জালনি চাহবাগিছা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে জনাই যে বৃহস্পতিবাৰে জালনি চাহ বাগিচাৰ ১৩৩জন শ্ৰমিকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে সেয়ে চাহ বাগানখনক এতিয়া কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। আনহাতে কৰোনাত আক্ৰান্ত হোৱা ৰোগীসকলৰ দেহত কৰোনাৰ কোনা লক্ষণ নাছিল।

বিগত কিছু সপ্তাহ ধৰি দেশত কৰোনাভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।

অসমত বৰ্তমান ৩১,২৬২ টা সক্ৰিয় ঘটনা আছে। এতিয়ালৈকে মুঠ ২,৪০,০০৪ জন আৰোগ্য হৈছে বৃহস্পতিবাৰৰ দিনটোতে অসমত আক্ৰান্ত হৈছে ৪৯৩৬গৰাকী লোক মৃত্যু হৈছে ৪৬জনৰ।

কেন্দ্ৰই বুধবাৰে মহামাৰীৰ বৰ্তমান পৰ্যায়ৰ সন্মুখীন হ’বলৈ আন চাৰিখন ৰাজ্যৰ সৈতে অসমৰ কোভিড-১৯ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু পাঁচটা গুৰুত্বপূৰ্ণ কাৰ্যক্ষেত্ৰৰ ওপৰত আলোকপাত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply