স্বপন নাথ ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই স্বাধীনতাৰ পূৰ্বৰ পৰা চাহ খেতি কৰি থকা চাহ বাগিছাৰ মাটি কাঢ়ি লোৱাৰ চক্ৰান্ত কৰাৰ প্ৰতিবাদ কৰে মেঠনী চাহ বাগিছাৰ শ্ৰমিকে ।
জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষৰ অধীনত থকা পানবাৰী সংৰক্ষিত বনাঞ্চলৰ কাষত বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত থকা ৩৫ বিঘা মাটি মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই স্বাধীনতাৰ পূৰ্বৰ পৰাই চাহ খেতি কৰি আছে ।
মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই ১৯২৪ চনৰ পৰা খেতি কৰি অহা উক্ত মাটিখিনি পানবাৰী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই দাবী কৰিছে । উল্লেখ্য বৰ্তমান পানবাৰী সংৰক্ষিত বনাঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত ।
এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পানবাৰী সংৰক্ষিত বনাঞ্চল কাজিৰঙাৰ এক প্ৰধান এনিমেল কৰিডৰ হিচাপে চিহ্নিত হৈ আহিছে । এই এনিমেল কৰিডৰেদি সঘনাই বন্যপ্ৰাণী অহা যোৱা কৰি থাকে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত খন্ড বন কাৰ্যালয়ৰ মদাৰজুৰি বন শিবিৰৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এলেকাত সুদীৰ্ঘ ৯৭ বছৰ ধৰি মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটি বেদখল কৰি ৩৫ বিঘা মাটিত চাহ খেতি কৰি আছে যদিও বন বিভাগ বা চৰকাৰৰ চকু নপৰাটো এক ৰহস্যৰ কাৰণ হৈ পৰিছে ।
বিভাগীয় সূত্ৰে জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই মাজে – মধ্যে চাহ পুলি নতুনকৈ ৰোপন নকৰিবলৈ মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষক অবগত কৰি থাকাৰ বাদে বিশেষ কোনো ব্যৱস্থা হাতত লোৱা নাছিল ।

ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া মতে দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বে অৰ্থাৎ ১৯১৩ চনতেই পানবাৰী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল । বিগত ৯৭ বছৰ ধৰি মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই পানবাৰী সংৰক্ষিত বনাঞ্চলৰ পাঁচ একৰ অৰ্থাৎ প্ৰায় ৩৫ বিঘা মাটি বেদখল কৰি চাহ খেতি কৰি আহিছে ।
ইতিমধ্যে মেঠনী চাহ বাগিছাৰ পৰিচালকৰ সৈতে উদ্যান কৰ্ত্তৃপক্ষই আলোচনা কৰি চলিত মাহৰ ভিতৰত বেদখল কৰা মাটি এৰি দিবলৈ আহ্বান জনাইছে অন্যথা বিভাগীয় আইন মতে মেঠনী চাহ বাগিছাৰ উক্ত মাটি বেদখল মুক্ত কৰাৰ ব্যৱস্থা কৰিব বুলি সঞ্চালকে বাগিছা পৰিচালকক অবগত কৰাৰ পিছত চাহ বাগিছাখনৰ কেইবা শতাধিক শ্ৰমিকে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক কাজিৰঙাত নিৰ্মাণ কৰিছে বাঘৰ পৰা সুৰক্ষিত গোহালী
চাহ বাগিছাখনৰ শ্ৰমিকে উক্ত এলেকাত উপস্থিত হৈ তেজ দিম মাটি নিদিওঁ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষ মুৰ্দা বাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তুলিছিল । প্ৰতিবাদকাৰী শ্ৰমিকে জানিব দিয়া মতে স্বাধীনতাৰ পূৰ্বৰ পৰাই উক্ত মাটিত চাহ খেতি কৰি থকাৰ পিছত ১৯৮৯ চনত উদ্যান কৰ্ত্তৃপক্ষই সীমা নিৰ্ধাৰণ কৰি পকী পিলাৰ স্থাপন কৰিছিল ।
এতিয়া কিহৰ যুক্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে উক্ত মাটি নিজৰ বুলি দাবী কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই চাহ শ্ৰমিকে শ্ৰম কৰি চাহ খেতি কৰা মাটি এতিয়া চক্ৰান্ত কৰি কাঢ়ি লব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে ।
অন্যহাতে মেঠনী চাহ বাগিছাৰ পৰিচালকে জানিব দিয়া মতে উক্ত মাটি বাগিছা কৰ্ত্তৃপক্ষৰ নামত আছে । ইফালে বোকাখাত ৰাজহ চক্ৰ বিষয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই উক্ত মাটিৰ সীমা নিৰ্ধাৰণ কৰি দিবলৈ দিয়া আবেদনৰ ওপৰত ভিত্তি কৰি ৩১ আগষ্টত বোকাখাত ৰাজহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই যুটীয়া ভাৱে জোখ মাপ কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক ভেকচিনৰ অপচয় ৰোধৰ ৰবটিক পদ্ধতি উদ্ভাৱন