গুৱাহাটী – অৱশেষত শ্ৰম আয়ুক্তৰ নিৰ্দেশ মানি ১৩ লক্ষাধিক টকাৰ ক্ষতিপূৰণ দিবলৈ বাধ্য হ’ল ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচাৰ মালিকপক্ষই। বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আহত হোৱা মইনা নায়ক নামৰ যুৱতীগৰাকীক কালি এই ধন হস্তান্তৰ কৰা হয়৷
বৰ্তমান গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা মইনা নায়কক উক্ত ক্ষতিপূৰণৰ ধন প্ৰদান কৰিবলৈ ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্তই নিৰ্দেশ দিছিল৷ বিগত ২২ জুলাইত জাৰি কৰা নিৰ্দেশনা অনুসৰি তিনিদিনৰ ভিতৰত লেপেটকটা চাহ বাগিচা কতৃৰ্পক্ষক ক্ষতিপূৰণ দিবলৈ কোৱা হৈছিল৷
উল্লেখ্য যে দুটা কিস্তিত মইনা নায়কক ক্ষতিপূৰণৰ ধন আদায় দিয়া হৈছে৷ আজি মইনা নায়কক গুৱাহাটী মেডিকেল কলেজত চে’কযোগে আদায় দিয়া হয়৷ যোৱা ১৯ জুলাইত অস্থায়ী মহিলা শ্ৰমিক হিচাপে কৰ্মৰত মইনা নায়ক ফেক্টৰীৰ ভিতৰত চি টি চি ড্ৰায়াৰ মেচিনৰ সংস্পৰ্শলৈ আহি গুৰুতৰভাৱে আহত হৈছিল৷
অতি গুৰুতৰভাৱে আহত মইনা নায়কক প্ৰথম অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সাধাৰণ ৰোগীৰ দৰে চিকিৎসা প্ৰদান কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সংবাদ মাধ্যম, দল-সংগঠনৰ দাবীত চৰকাৰে মইনাক জি এম চি এইচলৈ স্থানান্তৰ কৰে৷
বৰ্তমানেও মইনা নায়ক জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ আনহাতে লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়কক বাগিচাৰ তৰফৰ পৰা ১৩ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে লোৱা উদ্যোগক সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই আদৰণি জনাইছে৷