গুৱাহাটী : সংকট নামি আহিছে অসমৰ চাহ উদ্যোগলৈ। যোৱা বছৰ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে লকডাউন ঘোষণাৰ পিছতে কঁকাল ভাঙিছিল চাহ উদ্যোগৰ। ইয়াৰ পিছতে ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে বতৰ। চলিত বৰ্ষত দীৰ্ঘদিনীয়া খৰাংজনিত পৰিস্থিতৰ ফলত বৰ্ষটো অসমৰ চাহ উদ্যোগৰ বিশেষকৈ চাহ উৎপাদনৰ ক্ষেত্ৰত এক অস্বাভাৱিক বৰ্ষ হিচাপে পৰিগণিত হৈছে।

চলিত বৰ্ষত দীৰ্ঘদিনীয়া খৰাংজনিত পৰিস্থিতৰ ফলত চাহ উৎপাদন অস্বাভাৱিকভাৱে হ্ৰাস পোৱা সন্দৰ্ভত এক অধ্যয়ন চলোৱা হয় বুলি জানিবলৈ দিয়ে নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে। আনহাতে নেটাৰ অধ্যক্ষ সুনীল জালানে কয় যে বিগত বৰ্ষত কোৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত ৰাজ্যৰ চাহ উদ্যোগ এক গভীৰ সংকটত পৰিছিল এইবাৰ আকৌ বৰষুণৰ অভাৱত চাহ উৎপাদন অস্বাভাৱিকভাৱে হ্ৰাস হোৱা ঘটনাই পুনৰবাৰ উদ্যোগটোক সংকটাপন্ন কৰি তুলিছে।

ইফালে ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ নলীন খেমানীয়ে এই সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ মে’ মাহলৈকে অতি কম পৰিমাণৰ চাহ উৎপাদনে অসমৰ চাহ উদ্যোগক যথেষ্ট পৰিমাণৰ ৰাজহ ঘাটি তথা বিত্তীয় সংকটৰ দিশে ঠেলি দিছে। বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, উষ্ণতাৰ তথা বৰষুণৰ সঘনই হ্ৰাস-বৃদ্ধিৰ ফলত চাহ উদ্যোগত যথেষ্ট ক্ষতিকাৰক প্ৰভাৱ পৰা দেখা গৈছে। উষ্ণতা ৩৪ চেলচিয়াচৰ পৰা হঠাৎ অৱনমিত হৈ ১৯ ডিগ্ৰী চেলচিয়াচ, যোৱা এসপ্তাহ ধৰি হৈ থকা বতৰৰ এনে অস্বাভাৱিক পৰিৱৰ্তনে চাহ উৎপাদনত যথেষ্ট বিৰূপ প্ৰভাৱ পেলোৱা বুলি ভাৰতীয় চাহ পৰিষদৰ উপদেষ্টা মৃগেন্দ্ৰ জালানে মন্তব্য প্ৰকাশ কৰিছে।

আনহাতে নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছনৰ প্ৰাক্তন অধ্যক্ষ মনোজ জালানে কয় যে যোৱা ত্ৰিশ বছৰত চাহ উদ্যোগৰ এনে দুৰৱস্থা কোনেও দেখা পোৱা নাছিল। বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত চাহ উৎপাদনৰ আৰম্ভণি সময় পিছুৱাই অহাত চাহ বাগিচাত সাৰ ‌প্ৰয়োগৰ সময়ো পলম হ’ল যাৰ পৰিপ্ৰেক্ষিতত আগন্তুক মাহসমূহত চাহ উৎপাদনৰ ভৰপক সময়ছোৱাত কেৱল লোকচানৰ সন্মুখীন হোৱাহে দেখা যাব। নেটাৰ এই অধ্যয়নত পোৱা গৈছে যে ২০১৯ বৰ্ষৰ তুলনাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মে’ মাহলৈকে ৬০ মিলিয়ন কিল’গ্ৰাম পৰ্যন্ত চাহৰ উৎপাদন হ্ৰাস পাইছে। বিগত বৰ্ষত অথাৎ ২০২০ বৰ্ষত লকডাউনৰ ফলত হোৱা এই হ্ৰাসৰ পৰিমাণ আছিল ৭৮ মিলিয়ন কিল’গ্ৰাম।

আৰু পঢ়কঃ মানকাচৰত সীমান্ত চেতনা মঞ্চপূৰ্বত্তৰৰ উদ্যোগত ক’ভিড পৰীক্ষা আৰু ভেকচিন প্ৰদান

শতাংশ হিচাপত কৰিলে ২০১৯ বৰ্ষৰ তুলনাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মে’ মাহলৈকে চাহৰ উৎপাদনৰ হাৰ ৪০ শতাংশ হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে বিদ্যানন্দ বৰকাকতিয়ে। ইফালে বৰষুণৰ পৰিমাণ বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৪৫ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাত গোলাঘাটৰ পৰা তিনিচুকীয়া জিলালৈকে ৰাজ্যৰ ভিতৰত অধিক চাহ উৎপাদন হোৱা জিলাকেইখনত চাহৰ উৎপাদন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,279 other subscribers

Leave a comment

Leave a Reply