চৰাইদেউ (বৰহাট): অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা সাপেখাতী শাখাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন খনি সাপেখাতীৰ বৰুৱানগৰ সুন্দৰপুৰ চাহ বাগিচাত অনুষ্ঠিত হৈ যায়।উক্ত অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে- শাখাৰ সভাপতি নবীন কুৰ্মিয়ে,স্মৃতি তৰ্পণ কৰে- শাখাৰ সম্পাদক অজিত উৰাংয়ে।

ইয়াৰ পিছতে প্ৰতিনিধি ও বিষয়-বাছনী সভাখন মুকলি কৰে অবিভক্ত সোণাৰি শাখাৰ প্ৰাক্তন সভাপতি শিক্ষক চেনিৰাম কুৰ্মিয়ে,অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকদ্বয় ৰমেশ বাস্কে, বাবুল চাহু মুখ্য পৰ্যবেক্ষক ৰূপে উপস্হিত থকা বিষয় বাছনী সভাই নবীন কুৰ্মিক পুনৰ সভাপতি, বিপিন তেলী সম্পাদক, ভৰত কুমাৰ উপ-সভাপতি, কমল তাণ্ডি সহকাৰী সম্পাদক, বিপুল কুৰ্মি সহকাৰী সম্পাদক, বিপুল বাক্তি সাংগঠনিক সম্পাদক, গোবিন মূৰ্মূ শিক্ষা ও সাহিত্য সম্পাদক হিচাপে লৈ ২১ জনীয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা সাপেখাতী শাখা সমিতিখন গঠন কৰা হয়।

আনহাতে মুকলি সভা অনুষ্ঠানত মুখ্য অতিথি ৰূপে অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক ৰমেশ বাস্কে, বাবুল চাহু, সহদেৱ ধানোৱাৰ, প্ৰাক্তন আটছা কৰ্মী চেনিৰাম কুৰ্মি, চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক জিতেন চৰেণ, অসম চাহ জনজাতি মহিলা সমিতি সাপেখাতী শাখাৰ সভানেত্ৰী বহাগী কৰ্মকাৰ, সম্পাদিকা মমতা সোণা,মাহমৰা শাখাৰ মানৱ বাক্তি, সোণাৰি শাখাৰ কৃষ্ণ কৰ্মকাৰ ইত্যাদি ভাষণ আগবঢ়োৱাৰ লগতে আটছা সাপেখাতী শাখাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ সফল সামৰণি পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply