মৰাণঃ সমগ্ৰ ৰাজ্যতে কাল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই ৷ দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াভাৱে মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰাজ্যৰ চাহ বাগিচাসমূহতো একপ্ৰকাৰ ভয়ানক ৰূপত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷
বিগত দুটা দিনৰ ভিতৰত মৰাণৰ চেপন চাহ বাগিচাত আক্ৰান্ত হ’ল ৩৮ গৰাকী লোক ৷
চেপন গাঁও পঞ্চায়ত আৰু চেপন চাহ বাগিচা কৰ্তৃপক্ষৰ যৌথ উদ্যোগত ক’ভিড আক্ৰান্তসকলক সুকীয়াকৈ দুটা ৱাৰ্ডত আইচ’লেচনত ৰখাৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷
আৰু পঢ়কঃতেজপুৰ আৰক্ষীয়ে ৰাইজৰ মাজত বিলালে বিশেষ গোঁহাৰি পত্ৰ
ইফালে চেপন বাগিচাৰ তিনিটা লাইনত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাত বাগিচাখনৰ প্ৰতিটো লাইনত চেনিটাইজ কৰাৰ লগতে শ্ৰমিকসকলক বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হৈছে বুলি বাগিচা কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
টিংখাঙৰ চাহ বাগিচাত বনজুইৰ দৰে বিয়পিছে কৰোনা। কেন্দুগুৰি বাগিচাত ১০ গৰাকীৰ দেহত ধৰা পৰিল কোভিড১৯।
বাগিচা খনৰ উপ-পৰিচালক, পুৰোহিতসহ ৮জন শ্ৰমিক আক্ৰান্ত কোভিড১৯ত। আক্ৰান্ত আটাইকেইগৰাকীক ডিব্ৰুগড় চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। বাগিচাখনত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।