গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম চাহ মজদুৰ সংঘৰ প্রতিনিধিৰ লগতে অন্যান্য চাহ জনগােষ্ঠীয় সংস্থা প্রতিনিধিৰ সৈতে এক বৈঠকত মিলিত হৈ চাহ শ্ৰমিকৰ মজুৰি নিৰ্দ্ধাৰণৰ বিভিন্ন বিষয় আলােচনা কৰে। বৈঠকত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। এই বৃদ্ধিৰ ফলত বহ্মপুত্র উপত্যকাৰ চাহ শ্ৰমিকসকলে বর্তমানে দৈনিক লাভ কৰি থকা দৈনিক মজুৰি ১৬৭ টকাৰ পৰিৱর্তে ২০৫ টকাকৈ দৈনিক মজুৰি লাভ কৰিব আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকসকলে বর্তমান লাভ কৰি থকা ১৪৫ টকা দৈনিক মজুৰিৰ পৰিৱর্তে ১৮৩ টকা দৈনিক মজুৰি লাভ কৰিব।
অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হােৱা বৈঠকত চাহ জনগােষ্ঠীৰ বিভিন্ন সংস্থাসমূহৰ দীর্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ক্ৰমে ২০৫ আৰু ১৮৩ টকালৈ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্রহণ কৰাৰ উপৰি ইয়াক পূর্বকালীন সময়ৰ পৰা কাৰ্যকৰী হােৱাকৈ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লােৱা হয়। উল্লেখ্য যে ইয়াৰ পূর্বে চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২১৭ টকালৈ বৃদ্ধি কৰিছিল। কিন্তু বিষয়তাে আদালতৰ বিচৰাধীন হৈ থকাৰ বাবে এই মজুৰি বৃদ্ধি কার্যকৰী কৰিব পৰা হােৱা নাছিল। সেয়েহে, ৰাজ্য চৰকাৰে চাহ জনগােষ্ঠীৰ বিভিন্ন সংস্থাৰ লগত বিস্তৃত আলােচনাৰ অন্তত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২০৫ টকা আৰু ১৮৩ টকালৈ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে।
লগতে পঢ়ক : দিচৈ বনাঞ্চলৰ ঘটনাস্থলীত তদন্তৰ বাবে উপস্থিত বিশেষ আৰক্ষী সঞ্চালক প্রধান জি পি সিং
চাহ শ্ৰমিকৰ কল্যাণৰ দিশত থকা চৰকাৰৰ দায়ৱদ্ধতা অটুট ৰাখি চৰকাৰে বাকী ১২ টকাৰ দৈনিক মজুৰি বৃদ্ধি সংশ্লিষ্ট সকলাে পক্ষৰ সৈতে আলােচনা কৰি বৃদ্ধি কৰাৰ বাবে অচিৰেই সিদ্ধান্ত গ্রহণ কৰিব। বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, সাংসদ পল্লৱ লােচন দাস, বিধায়ক ৰূপেশ গােৱালা, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, চাহ জনগােষ্ঠীৰ বিভিন্ন সংস্থাৰ প্রতিনিধি তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।