পুনৰ সংঘটিত হ’ল সভ্য সমাজক লজ্জানত কৰা এক ঘটনা। শিষ্যৰ হাততে প্ৰহৃত হ’বলগীয়া হ’ল গুৰু। এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ধৰ্মেন্দ্ৰ দাস নামৰ জ্যেষ্ঠ প্ৰশিক্ষকক আক্ৰমণ কৰিলে একাংশ ছাত্ৰীয়ে।
ছাত্ৰীয়ে চেণ্ডেলৰ চৰ মাৰিলে শিক্ষকৰ গালত। ভৰিৰে গোৰ, পিঠিত ফলা খৰিৰ কোব। এই ঘটনাটো সংঘটিত হ’ল গোৱালপাৰাৰ পলিটেকনিকত ।
গাৰ্লছ হোষ্টেলৰ চৌহদতে আক্ৰমনৰ ঘটনা সংঘটিত হয়। ছাত্ৰীসকলৰ লগতে শিক্ষককেও প্ৰহাৰ কৰিছে। হোষ্টেলৰ কৰ্মচাৰীৰ লগতে সহযোগ কৰিছে ওচৰৰ যুৱকেও। সকলোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে পলিটেকনিকৰ ধৰ্মেন্দ্ৰ দাস নামৰ এইজন শিক্ষকক।
ঘটনাৰ অভিযোগ মতে, পলিটেকনিকৰ এগৰাকী ছাত্ৰীক পৰীক্ষাৰ নম্বৰ বঢ়াই দিয়াৰ নামত অশ্লীল প্ৰস্তাৱ দি ধৰ্ষণৰ চেষ্টা চলোৱাৰ চেষ্টা কৰিছিল। ভুক্তভোগী ছাত্ৰীগৰাকীয়ে লগে লগে বিষয়টো আন ছাত্ৰীসকলক অৱগত কৰোৱাৰ পিছতেই শিক্ষকজনৰ ওপৰত আক্ৰমন চলে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিক্ষকজনক গোৱালপাৰা সদৰ থানালৈ আনে আৰু শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।