টীয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনঃ শ্বিলংস্থিত অতিৰিক্ত সঞ্চালকৰ নিৰ্দেশ মৰ্মে যোৰহাটস্থিত এনচিচি কাৰ্যালয়ত ১০ ডিচেম্বৰত অনুষ্ঠিত হোৱা ৰেঙ্ক প্ৰদান অনুষ্ঠানত মধ্য যোৰহাটৰ কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ শিক্ষক বিভূতি বৰাক এন চি চি এছছিয়েট অফিচাৰ ৰূপে দায়িত্ব প্ৰদান কৰে।
কামাণ্ডিং অফিচাৰ কৰ্ণেল অমনদ্বীপ কোহলণে বিভূতি বৰাক ৰেঙ্ক প্ৰদান কৰে। ৰেঙ্ক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে চুবেদাৰ মেজৰ লুলাৰাজ টামাঙ, চুবেদাৰ টেক বাহাদুৰ কাকি সহ কাৰ্যালয় কৰ্মচাৰী সকল ।
শিক্ষক বিভূতি বৰাৰ এই সাফল্যৰ বাবে মধ্য যোৰহাটৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে।
লগতে পঢ়কঃ‘কা’ আন্দোলনৰ স্থবিৰতাক লৈ অসন্তুষ্টি প্ৰকাশ শ্বহীদ পত্নীৰ