ধেমাজিঃ  ৰাজ্যৰ শিক্ষা ব্যৱস্থাত সংঘটিত হৈছে আজৱ কাণ্ড। বিদ্যালয়লৈ নোযোৱাকৈ শিক্ষকে লাভ কৰি আছে চৰকাৰী দৰমহা।

ধেমাজি জিলাৰ সদৰ থানাৰ অন্তৰ্গত লক্ষীপথাৰ বৰাজান কছাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অতুল তামুলীয়ে বিগত ১0 বছৰ ধৰি বিদ্যালয়ত পাঠদান নকৰাকৈয়ে লাভ কৰি আহিছে দৰমহা ।

পিছে এই বছৰৰ জানুৱাৰীত ৩ দিন আৰু মাৰ্চ মাহত ২ দিন স্কুলত উপস্থিত হৈছিল শিক্ষক গৰাকী। সমগ্ৰ তথ্য পোহৰলৈ আহিছে তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে।

ইপিনে স্কুলখনৰ প্ৰধান শিক্ষকে স্কুললৈ কিয় নাহে বুলি সাংবাদিকে সোধা প্ৰশ্নত শিক্ষক গৰাকীয়ে কয় মই স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰিছো।

শিক্ষকজনৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই বাৰম্বাৰ ঊৰ্দ্ধতম কৰ্তৃপক্ষ জনাই আহিছে যদিও কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

নৱনিযুক্ত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সমষ্টিতে সংঘটিত হোৱা এনে ঘটনাই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শিক্ষকজনক বহিষ্কাৰৰ দাবী জনাইছে একাংশ সচেতন মহলে ।

আৰু পঢ়কঃসোণাৰিত গ্ৰেণেডসহ নগা যুবকক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply