গোৰেশ্বৰঃ গোৰেশ্বৰত শিক্ষয়িত্ৰীক অমানৱীয় নিৰ্যাতন। বেচৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীক শাৰিৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ লম্পট সাংবাদিকৰ।
শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়লৈ যোৱাৰ পথতে নিৰ্যাতন চলায় অসমৰ এটা আগশাৰীৰ ব্যক্তিগত চেনেলৰ সাংবাদিক ৰঞ্জিত ৰাজবংশীয়ে।
অভিযোগকাৰীৰ মতে পূৰ্বেও কেইবাবাৰো শিক্ষয়িত্ৰী গৰাকীক বিদ্যালয়লৈ যোৱা সময়ত পদপথত স্থানীয় আছু নেতা বিষ্ণু শৰণীয়া আৰু বড়ো পৰ্টেল নিউজ চেনেলৰ আন দুগৰাকী সাংবাদিকৰ সৈতে মিলি মানসিক নিৰ্যাতন চলাইছিল।
শুকুৰবাৰে পুৱা শিক্ষয়িত্ৰী গৰাকীক বিদ্যালয়লৈ যোৱাৰ সময়ত ৰঞ্জিত ৰাজবংশীয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ পাছতে ভুক্তভোগী শিক্ষয়িত্ৰী গৰাকীয়ে গোৰেশ্বৰ আৰক্ষী থানাত ৰঞ্জিত ৰাজবংশীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে, কিছু বছৰ পূৰ্বেও আন এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক হৈছিল ৰঞ্জিত ৰাজবংশী।