দক্ষিণ শালমাৰা : ৫ ছেপ্টেম্বৰ আজি দিনটো পালন কৰা হয় শিক্ষক দিৱস হিচাপে। সমগ্ৰ দেশ তথা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত অনুষ্টুপিয়াকৈ পালন কৰা হয় শিক্ষক দিৱস।

ভাৰতৰ প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি তথা দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জ্ঞান বিকাশ একাডেমী, ভিশ্যন নেশ্বনেল একাডেমীকে ধৰি কেবাটাও বেচৰকাৰী শিক্ষানুষ্ঠানত ক’ভিড প্ৰট’কল মানি শিক্ষক দিৱস পালন কৰা হয়।

১৯৬২ চনৰ পৰাই ৰাধাকৃষ্ণনৰ জন্ম দিৱসটো শিক্ষক দিৱসৰূপে পালন কৰি অহা হৈছে। ক’ভিডৰ ভয়াৱহতাৰ বাবেই সমগ্র দেশতেই এইবাৰ ম্লান পৰিল শিক্ষক দিৱসৰ উচাহ। জিলাখনৰ কোনো চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ত এইবাৰ উদযাপিত নহ’ল শিক্ষক দিৱস। পিছে, তাৰ মাজতেই একাংশ বেচৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থী সকলে ক’ভিড বিধি মানি অনুষ্টুপীয়াকৈ পালন কৰে শিক্ষক দিৱস।

লগতে পঢ়ক  : সোণাৰিতো শিক্ষক দিৱস পালন

ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলিৰে আৰম্ভ কৰা অনুষ্ঠানৰ জৰিয়তে শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হয়। ইফালে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি নিজ নিজ অঞ্চলত একাংশ শিক্ষাৰ্থীয়ে শিক্ষক সকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাই শিক্ষক দিৱস পালন কৰা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply