শিক্ষয়িত্ৰী দীপ্তি নাথ

গোলাঘাট: আজি সমগ্ৰ দেশজুৰি উদযাপিত হৈছে পবিত্ৰ শিক্ষক দিৱস । শিক্ষক দিৱসৰ দিনা এইখন অসমত এনে বহু শিক্ষক আছে যি নিজৰ ভাতমুঠি উলিয়াবলৈ লব লগা হৈছে আন পথ | তেনে এগৰাকী শিক্ষয়িত্ৰী হ’ল খুমটাই সমষ্টিৰ শাওতলীৰ দীপ্তি নাথ । ‘শিক্ষক এডাল মমবাতিৰ দৰে,যি নিজেই জ্বলি আনক পোহৰ দিয়ে’ ! কিন্তু এই গৰাকী শিক্ষকৰ জীৱনেই যেতিয়া অন্ধকাৰে আৱৰি‌ ধৰিছে |

খুমটাইৰ শাঁওতলী নাথগাঁৱত শিক্ষয়িত্ৰী দীপ্তি নাথ ৷ বিগত ১৯ বছৰে অপ্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষকতা কৰা এইগৰাকী শিক্ষয়িত্ৰীয়ে বৰ্তমান কৰিবলগীয়া হৈছে দিন হাজিৰা ৷ শাঁওতলী নাথগাঁৱত ১৯৯৬ চনতে প্ৰতিষ্ঠা লাভ কৰা কৃষি মজদুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী দীপ্তি নাথ । প্ৰয়াত স্বামীয়ে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনত ২০০৩ চনৰে পৰা কৰি আহিছে শিক্ষাদান ।

এসাজ ভাতৰ বাবে ১৯ বছৰে দৰমহা বিহীন শিক্ষকতা কৰা শিক্ষয়িত্ৰী এতিয়া দিন হাজিৰাত ব্যস্ত

কিন্তু বৰ্তমানে দিন হাজিৰা কৰি জীৱন সংগ্ৰাম চলোৱা শিক্ষয়িত্ৰী গৰাকীয়ে চকুলোৰে বাট নেদেখা হৈছে ।

চৰকাৰে বিদ্যালয়খনৰ মুঠ পাঁচজন শিক্ষকৰে তিনিগৰাকী শিক্ষকৰ পদৰ প্ৰাদেশীকৰণ কৰাৰ বিপৰীতে সকলোফালৰে পৰা অৰ্হতা-যোগ্যতা থকাৰ পিছতো প্ৰাদেশীকৰণ নহ’ল শিক্ষয়িত্ৰী গৰাকীৰ পদ । যাৰ ফলত এতিয়া চৰম সংকটত এইগৰাকী দীপ্তি নাথ ।

সমাজৰ মানৱ সম্পদ গঢ় দি অহা শিক্ষয়িত্ৰী গৰাকীয়ে বিভিন্ন লোকৰ ঘৰত কৰেগৈ দিন হাজিৰা,মূৰত টুকুৰীটো লৈ চাহ বাগানত পাত চিঙাত ব্যস্ত হয় তেওঁ ৷ ঘৰতে বাঁহৰ পাঁচি-খৰাহী নিৰ্মাণ কৰি বিক্ৰী কৰা,তাঁত বৈ কাপোৰ বিক্ৰী কৰা,মুৰ্গী পোহ-পাল দিয়া আদিৰে চলাইছে জীৱন সংগ্ৰাম । একমাত্ৰ পুত্ৰই এইবৰ্ষত মেট্ৰিকত বিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে,কিন্তু সন্তানটিক উচ্চ শিক্ষাৰ বাবে কৰি দিব পৰা নাই সু-ব্যৱস্থা । তাৎপৰ্যপূৰ্ণভাৱে এই দৰিদ্ৰ শিক্ষয়িত্ৰী গৰাকীয়ে আজিকোপতি নাপালে কোনো ধৰণৰ চৰকাৰী আঁচনি ।

২০১৭ বৰ্ষত স্বামীহীনা হোৱা পিছত প্ৰাকৃতিক দুৰ্যোগত ভাঙি তচনচ হোৱা ঘৰতোৰ পুনৰ নিৰ্মাণ কৰি দিছিল স্থানীয় ৰাইজে । আজি শিক্ষক দিৱসৰ দিনা শিক্ষক সমাজক শ্ৰদ্ধা-সন্মান জনাব সকলোৱে কিন্তু এইগৰাকী দীপ্তি নাথৰ দৰে ৰাজ্যৰ চুকে-কোণে কঠোৰ জীৱন অতিবাহিত কৰি অহা শিক্ষকসকলে কেতিয়া পাব উপযুক্ত সন্মান ।

লগতে পঢ়ক পৰিবেশ বন্ধুত্বমূলক এল ই ডি বাল্বৰ দ্বাৰাও ভয়াবহ পোহৰ প্ৰদূষণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply