সোণাৰি : আজি শিক্ষক দিৱস। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সোণাৰিতো অনুষ্ঠিত হৈছে শিক্ষক দিৱসৰ কাৰ্যসূচী। শিক্ষক দিৱসত অসম জাতীয় পৰিষদৰ বিশেষ পদক্ষেপ।
অৱসৰপ্ৰাপ্ত শিক্ষক সকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা অসম জাতীয় পৰিষদৰ।
অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিয়েও গ্ৰহণ কৰিলে এই কাৰ্যসূচী।
অজাপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক টংকেশ্বৰ কোঁৱৰৰ লগতে দলীয় কৰ্মীসকলে সম্বৰ্ধনা জনালে অৱসৰপ্ৰাপ্ত শিক্ষক সকলক।
সোণাৰি আৰু মাহমৰা দুয়োটা বিধানসভা সমষ্টিত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰিলে অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে।
ক’ভিডকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছে শিক্ষক দিৱস।
লগতে পঢ়ক থলুৱা আৰু আধুনিক সংগীতৰ ফিউজনেৰে অসমীয়া সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এগৰাকী শিল্পী