অসম চৰকাৰৰ শিক্ষা বিভাগৰ সৌজন্যত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় শিক্ষক দিৱসৰ অনুষ্ঠান
এই অনুষ্ঠানতে এইবাৰৰ শিক্ষক দিৱসত ৩৬ গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা আগবঢ়োৱা হয় । তাৰে আনুষ্ঠানিক ভাবে চাৰি গৰাকী শিক্ষকক আগবঢ়োৱা হয় বঁটা। অধ্যাপক টাবু ৰাম টাইডলৈ মৰণোত্তৰ বাবে ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বটাঁ প্ৰদান কৰা হয়।
অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৯ ছেপ্টেম্বৰৰ পৰা ২০ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা ঘোষণা কৰে। এইবাৰ বাজেটত প্ৰায় ২০ হাজাৰ কোটি টকা শিক্ষা বিভাগৰ উন্নয়নৰ বাবে আৱণ্টন দিয়াৰ কথা জানিবলৈ দিয়ে।
শিক্ষক দিৱসৰ দিনটোতে লাভলীনা বৰগোঁহাইক সমগ্ৰ শিক্ষা অভিযানৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে এই সিদ্ধান্ত লৈছে শিক্ষা বিভাগে।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত আজি শিক্ষক দিৱসৰ কেন্দ্ৰীয় মূল অনুষ্ঠানত ৰাজ্যিক বঁটাৰ বাবে মনোনীত কিছুসংখ্যক কৃতী শিক্ষাগুৰুক মঞ্চত সন্মান প্ৰদান কৰা হৈছিল। বাকীসকলক পৰৱৰ্তী সময়ত একেটা মঞ্চতে শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই বঁটা প্ৰদান কৰে।
সকলো কৃতী শিক্ষকক মূল অনুষ্ঠানত বঁটা প্ৰদান নকৰাক লৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । শিক্ষক সকলে শিক্ষামন্ত্ৰীৰ পৰাই বঁটা লবলৈ আহিছিল কিন্তু তাৰ পৰিবৰ্তে বেলেগকৈ দিয়াত ক্ষোভিত হৈ পৰে । শিক্ষামন্ত্ৰীয়ে শিক্ষক সকলে মনত আঘাত পোৱাৰ বাবে দুখ প্ৰকাশ কৰে ভবিষ্যতে এনে ঘটনা নহব বুলিও জনাইছে ।
লগতে পঢ়ক আলফা স্বাধীনৰ কাৰ্যকৰী পৰিষদ সলনি তিনিতৰপীয়া কাৰ্যকৰী পৰিষদ গঠন