গুৱাহাটীঃ শ্ৰেণীকোঠাত এতিয়াৰে পৰা বাধ্যতামূলক ভাবে আঁৰিব লাগিব শিক্ষকৰ ফটো। বহু শিক্ষকক অভিভাৱকে চিনি নাপায় সেয়ে প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰীসকলৰে অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। অৱশ্যে পূৰ্বৰ পৰাই বিদ্যালয়ত ফটো অঁৰাৰ ব্যৱস্থা আছে যদিও শ্ৰেণীকোঠাৰ পৰিৱৰ্তে কাৰ্যালয়ত শিক্ষকৰ ফটো থাকে। কিন্তু এতিয়াৰে পৰা বিদ্যালয়ৰ শ্ৰেণীকোঠাতে আঁৰিব লাগিব শিক্ষকৰ ফটো। এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

ইতিমধ্যে মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজায়ে সকলো উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান কক্ষত বিদ্যালয়ৰ শিক্ষকৰ ফটো অৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজায়ে ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ আজি এক নিৰ্দেশনা জাৰি কৰিছে। সেই মৰ্মে প্ৰতিখন বিদ্যালয়ৰ পাঠদান কক্ষতে সবল তথা ভাল ফ্ৰেমত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বন্ধোৱা ফটো অৰাৰ ব্যৱস্থা ল’বলৈ কোৱা হৈছে।

ইপিনে অসমত নতুনকৈ ৫ খন সৈনিক স্কুল স্থাপন কৰা হ’ব বুলিও শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। PPP Mode ত স্থাপন হ’ব এই সৈনিক স্কুল। ইয়াৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply