বোকাখাত : টিম হিউমেনিটিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। মানুহ আৰু মানৱতাৰ অনুষ্ঠান টিম হিউমেনিটিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বোকাখাতত অনুষ্ঠিত হয়। অসমত জন্ম লাভ কৰি অসমৰ লগতে ভাৰতত অন্যান্য ৰাজ্য সমূহতো এক বিশেষ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে টিম হিউমেনিটি।
জীৱ শ্ৰেষ্ঠ মানৱ হিচাপে মানৱতাই হৈছে প্ৰকৃত ধৰ্ম এই বাণী লৈ ২০১৫ চনৰ ২৩ নৱেম্বৰত জন্ম লাভ কৰিছিল ‘ব্লাড ড’নাৰ অসম’ৰ। হেমন্ত মহন্তৰ প্ৰচেষ্টাত জন্ম লাভ কৰা ‘ব্লাড ড’নাৰ অসম’ পৰৱৰ্তী সময়ত টিম হিউমেনিটি ‘ব্লাড ড’নাৰ’ আৰু সামাজিক সন্থা হিচাপে পৰিচিত।

অসমত জন্ম লাভ কৰা মানৱ সেৱাৰ লগত জড়িত এই সামাজিক সন্থাটো অসমৰ লগতে দেশৰ অন্যান্য ৰাজ্য সমূহতো এক বিশেষ পৰিচয় লাভ কৰিছে। তেজৰ অভাৱত যাতে কোনো ব্যক্তি মৃত্যুৰ মুখত পৰিব লগা নহয় এই প্ৰতিজ্ঞালৈয়ে আগবাঢ়িছে স্বেচ্ছাসেৱী সংগঠন টিম হিউমেনিটি।
লগতে পঢ়ক : ৰাস বিকৃতি কৰাক লৈ সত্ৰভূমি মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া
যোৱা সময়ছোৱাত ২০ হাজাৰৰো অধিক ইউনিট তেজ টিম হিউমেনিটিৰ সদস্য সকলে দান কৰি ৰক্তদানৰ ক্ষেত্ৰত এক বিশেষ সাফল্য লাভ কৰিছে। আজি বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হয় টিম হিউমেনিটিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি টিম হিউমেনিটিৰ ফালৰ পৰা এই ৰক্তদান শিবিৰ আৰু ৰক্তদান সমাৰোহৰ আয়োজন কৰা হয়।
আজিৰ অনুষ্ঠানত বিশিষ্ট সমাজ সেৱকৰ বঁটা’ আগবঢ়োৱা হয় টংলাৰ পবিত্ৰ ৰাভালৈ৷নিপুল চন্দ্ৰ বৰুৱা ন্যাসে এই বঁটা আগবঢ়াইছে। আনহাতে, ‘টিম হিউমেনিটি’ৰ উদীয়মান সমাজসেৱিকা বঁটা ২০২১ আগবঢ়োৱা হয় গুৱাহাটীৰ অর্চনা বৰঠাকুৰলৈ৷ আনহাতে, বিশিষ্ট ৰক্তদাতা বঁটা আগবঢ়োৱা হয় গুৱাহাটীৰ বিশেষভাৱে সক্ষম ৰক্তদাতা প্ৰসেনজিৎ দাসলৈ৷