স্প’ৰ্টছ ডেস্ক – কালি ইংলেণ্ডৰ সমূখত নিৰ্লজ্জ আত্মসমৰ্পন কৰাৰ পিছত এইটো প্ৰায় নিশ্চিত যে স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু দীনেশ কাৰ্তিকে দেশৰ হৈ তেওঁলোকৰ জীৱনৰ অন্তিমখন খেল খেলিলে। কোহলি আৰু ৰোহিতে তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত ল’ব। পৰৱৰ্তী টি-২০ বিশ্বকাপ এতিয়াও দুবছৰ বাকী আছে। ইয়াৰ বাবে এটা শক্তিশালী আৰু টি-২০ বিশেষজ্ঞ খেলুৱৈৰে দল গঠন কৰাৰ পৰিকল্পনাৰ বিষয়ে চিন্তা কৰিছে বিচিচিআইয়ে।

উল্লেখ্য যে টি-২০ বিশ্বকাপ ২০২২ ৰ ছেমি ফাইনেলত কালি টীম ইণ্ডিয়া ইংলেণ্ডৰ হাতত ১০ উইকেটত পৰাজিত হয়। ইফালে, অহা ২৪ টা মাহত ভাৰতৰ টি-২০ দলত ব্যাপক পৰিৱৰ্তন হ’ব বুলি জানিব পৰা গৈছে। ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে জ্যেষ্ঠ খেলুৱৈসকলক ক্ৰমান্বয়ে ক্ৰিকেটৰ চুটি ফৰ্মেটৰ পৰা অব্যাহতি দিয়া হ’ব। সংবাদ সংস্থা পিটিআইৰ মতে, বৃহস্পতিবাৰে বিচিচিআইৰ সূত্ৰই এই তথ্য প্ৰদান কৰে।

উল্লেখ্য যে অশ্বিন আৰু দীনেশ কাৰ্তিকে দেশৰ হৈ তেওঁলোকৰ জীৱনৰ অন্তিম খন খেল খেলিছে। কোহলী আৰু ৰোহিতে তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ বিষয়ে এতিয়াও সিদ্ধান্ত ল’বলৈ বাকী। পৰৱৰ্তী টি-২০ বিশ্বকাপ এতিয়াও দুবছৰ বাকী আছে আৰু হাৰ্দিক পাণ্ডিয়াক নতুন দলৰ অধিনায়ক কৰিব পাৰি। “বিচিচিআইয়ে কেতিয়াও কাকো অৱসৰ ল’বলৈ কোৱা নাই। এইটো এটা ব্যক্তিগত সিদ্ধান্ত। কিন্তু ২০২৩ চনত মাত্ৰ কেইখনমানহে টি-২০ আন্তৰ্জাতিক খেল ৰখাৰ লগতে, বেছিভাগ জ্যেষ্ঠ খেলুৱৈয়ে সেই সময়ছোৱাত এদিনীয়া আৰু টেষ্টত মনোনিবেশ কৰিব। কোনোবাই যদি নিবিচাৰে তেন্তে তেওঁ অৱসৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই। পিছে আপোনালোকে অহা বছৰত অধিকাংশ জ্যেষ্ঠ খেলুৱৈকে টি-২০ খেলি থকা নেদেখিব।”

পৰিৱৰ্তনৰ বিষয়ে এতিয়াই কোৱাটো যুগুত নহ’ব – ৰাহুল দ্ৰাবিড়
ইংলেণ্ডৰ হাতত পৰাজয়ৰ পিছত, ৰোহিত শৰ্মা আৰু বিৰাট কোহলীকে ধৰি জ্যেষ্ঠ খেলুৱৈসকলৰ ভৱিষ্যত সম্পৰ্কে সোধা প্ৰশ্নত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয় যে পৰিৱৰ্তনৰ বিষয়ে এতিয়াই কোৱাটো উচিত নহ’ব। “ছেমি ফাইনেল খেলৰ ঠিক পিছতে এই বিষয়ে কথা পতাটো অতি লৰালৰি কৰা হ’ব। এই খেলুৱৈসকলে সৰ্বস্ব উজাৰি খেলিছে।”

এতিয়া এদিনীয়াত গুৰুত্ব দিয়া হ’ব – দ্ৰাবিড়
অহা বছৰ ভাৰতত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে, টীম ইণ্ডিয়াই ২৫ খন এদিনীয়া খেলিব। এনে পৰিস্থিতিত, টি-২০ মেচবোৰ খুব কমকৈ হ’ব। টীম ইণ্ডিয়াৰ এফটিপি কেলেণ্ডাৰ অনুসৰি, দলটোৱে অহা সপ্তাহত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাটোকে ধৰি মাত্ৰ ১২ খন টি-২০ মেচ খেলিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply