কৰিমগঞ্জৰ পথ দুৰ্ঘটনা

কৰিমগঞ্জ : কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে ১০ গৰাকীকৈ লোক। অসম-ত্ৰিপুৰা ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অট’ৰিক্সা আৰু এখন চিমেণ্ট কঢ়িয়াই অনা গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুর্ঘটনা সংঘটিত হৈছে।

এএছ-১০-এচি-৫৭৮২ নম্বৰৰ অট’ৰিক্সা আৰু এনএল-০১-কিউ-০০৮৮ নম্বৰৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘর্ষত থিতাতে ৯ গৰাকী লোকৰ মৃত্যু ঘটে। আনহাতে এগৰাকী লোক চিকিৎসালয়ত মৃত্যুৰ মুখত পৰে। মৃত্যু হোৱা লোক সকলৰ পৰিচয় এতিয়ালৈকে জানিব পাৰা হোৱা নাই। পথ দুৰ্ঘটনাত নিহত হোৱা পুৰুষ-মহিলা সকল ষট পূজাৰ পৰা আহিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক : পাকিস্তান নামক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত

এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। উত্তেজিত স্থানীয় ৰাইজে বৰ্তমান অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখিছে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে। আৰক্ষীৰ লগতে ঘটনাস্থলীত মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীও। আৰক্ষীয়ে নিহত লোক সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শোক প্ৰকাশ কৰিছে৷ লগতে মুখ্যমন্ত্রী গৰাকীয়ে নিহত প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ ১ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply