বকো: সীমা বিবাদক কেন্দ্ৰ কৰি যোৱা সোমবাৰৰ পৰা কামৰূপ জিলাৰ বকোৰ অসম-মেঘালয় সীমান্তত অৱস্থিত উজনি তাৰাবাৰী গাঁৱত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰি আছে। যাৰ ফলত শিশু, গৰ্ভৱতী মহিলাকে ধৰি গাঁওখনৰ ১৫০-তকৈ অধিক লোকে নিজৰ গাঁও এৰি পলাবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসম-মেঘালয় সীমা বিবাদৰ সমাধানৰ উদ্দেশ্যে দুয়োখন ৰাজ্য মাজত হোৱা প্ৰথম পৰ্য্যায়ৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়াত বকোৰ উজনি তাৰাবাৰী গাঁও অসমৰ ভিতৰত ৰখা হৈছিল। কিন্তু একাংশই গাঁওখন মেঘালয়ৰ অধীনলৈ যাব লাগে বুলি দাবী কৰিছে।

যাৰ পৰিণতিত একাংশ মেঘালয় সমৰ্থকে অসমত থাকিব খোজা গাঁওখনৰ লোকসকলৰ ওপৰত আক্ৰমণ চলোৱা অভিযোগ উঠিছে। অভিযোগ অনুসৰি সোমবাৰে নিশা আক্ৰমণকাৰীৰ ভয়ত সন্ত্ৰস্ত হৈ ৫০জনতৈ অধিক লোকে নিজৰ গাঁৱৰ পৰা পলাই আহিছিল।

উক্ত লোকসকলক প্ৰায় ১০ কিলোমিটাৰ দূৰত অৱস্থিত জৰিয়াৎ গাঁৱত সদৌ ৰাভা ছাত্ৰ সন্থাই তেওঁলোকৰ কাৰ্য্যালয়ৰ চৌহদত আশ্ৰয়ৰ সুবিধা কৰি দিয়ে। আজিও প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰি হাবি-জংঘলত লুকাই থকা ১০০ জনতকৈ অধিক লোকে জৰিয়াৎ গাঁৱৰ ৰাভা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ চৌহদত আশ্ৰয় গ্ৰহণ কৰে।

উজনি তাৰাবাৰী গাঁৱৰ গাঁওবুঢ়া পিটডন চাংমাই অভিযোগ কৰা মতে একেখন গাঁৱতে থকা একাংশ মেঘালয় সমৰ্থকে অসমত থাকিব খোজা লোকসকলৰ পৰা ৫০০০-কৈ টকা দাবী কৰিছে। উল্লেখযোগ্য যে সোমবাৰে নিশা পলাই অহা লোকসকলৰ মাজত গাঁওবুঢ়া পিটডন চাংমাও আছে।

ঘটনা সন্দৰ্ভত বকো ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে কয় যে প্ৰশাসনে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু লোকসকলে যাতে নিৰাপদে নিজৰ গাঁৱলৈ ঘূৰি যাব পাৰে তাৰ বাবে চেষ্টা কৰি আছে। তদুপৰি আৰক্ষীয়েও ঘটনাটোৰ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়।

উল্লেখযোগ্য যে বকো আৰক্ষী থানাত উজনি তাৰাবাৰীৰ গাঁওবাসীয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত যোৱা ৮ জুলাইত গ্ৰিমিঠ এছ চাংমা, মাইকেল বি চাংমা আৰু মেক্সটন মাৰাকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। লোক কেইজনৰ বিৰুদ্ধে অসমত থাকিব খোজাসকলৰ ধন দাবী কৰাৰ অভিযোগ আছিল।

উক্ত লোক কেইজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে যোৱা সোমবাৰে অসমত থাকিব খোজা লোকসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা অভিযোগ উঠিছে।

লগতে পঢ়ক – ২৮০ গৰাকী বিশেষভাৱে সক্ষম শিক্ষকক নিযুক্তিপত্ৰ প্ৰদান শিক্ষা মন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply