গুৱাহাটী : বেলতলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। বেলতলাৰ কুচ্চিনা কোম্পানীৰ শাখা প্রৱন্ধক খলিউৰ ৰহমানৰ বিৰুদ্ধে গুণ্ডাগিৰীৰ অভিযোগ।
বেলতলাৰ কুচ্চিনা কোম্পানীৰ শাখা প্রৱন্ধক খলিউৰ ৰহমানে এজন শ্ৰমিকক প্ৰহাৰ কৰাৰ অভিযোগ। খলিউৰ ৰহমানৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হোৱা শ্ৰমিকজন চিকিৎসালয়ত চিকিৎসাধীন।
শাখা প্রৱন্ধক খলিউৰ ৰহমানে বেলতলা কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি এজন শ্ৰমিকক আক্ৰমণ কৰাৰ অভিযোগ। খলিউৰ ৰহমানে কোম্পানীটোৰ শ্ৰমিক কামেশ্বৰ দাসক আক্ৰমণ কৰাৰ অভিযোগ।
কামেশ্বৰ দাসে সামগ্ৰী বিক্ৰীৰ কিছু ধন ঘৰত এৰি অহাৰ বাবেই কামেশ্বৰ দাসক নৃশংস আক্ৰমণ চলায় বুলি অভিযোগ কৰে কামেশ্বৰ দাসে। ঘটনাৰ ন্যায় বিচাৰি বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কামেশ্বৰ দাসে।
লগতে পঢ়ক : পুত্ৰক হত্যা কৰি শৌচাগাৰৰ গাঁতত পুতি থ’লে পিতৃয়ে
পূৰ্বেও কাৰ্যালয়টোৰ কেইবাজনো কৰ্মচাৰীক প্ৰহাৰ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে খলিউৰ ৰহমানৰ বিৰুদ্ধে। আক্ৰমণৰ বলি হোৱা ছেমিজনে আৰক্ষীক ঘটনাৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে।