ৰূপহীহাট : জুৰীয়াৰ কালিয়াডিংগাৰ বনগাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।জনজাতীয় গাঁওখনত নিৰ্মাণ কাৰ্য চলি থকা এম জি এনৰেগাৰ কামত দুৰ্বৃত্তই বাধা প্ৰদান কৰাৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দুৰ্বৃত্তই এজন ব্যক্তিক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ।

নগাঁও জিলাৰ জুৰীয়াৰৰ অন্তৰ্গত কালিয়াডিংগাৰ বনগাঁৱত শুকুৰবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। গাঁওখনত এম জি এনৰেগাৰ অধীনত চলি থকা এক নিৰ্মাণ কাৰ্যত দুৰ্বৃত্তই বাধা প্ৰদান কৰাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে দুৰ্বৃত্তই বনগাঁৱৰ পৰা মাটি কাটি বাহিৰলৈ নিব বিচৰাত স্থানীয় ৰাইজে বাধা প্ৰদান কৰে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে।

দুৰ্বৃত্তই নৰেশ্বৰ কোঁৱৰ নামৰ এজন স্থানীয় লোকক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে। দুৰ্বৃত্তই এগৰাকী স্থানীয় জনজাতীয় মহিলাকো আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত জুৰীয়া থানাত এজাহাৰ দাখিল কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply