ৰূপহীহাট : শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি জুৰীয়াত উত্তপ্ত পৰিস্থিতি। জুৰীয়াৰ ২ নং বৰালীমাৰীত এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটি দহ বছৰীয়া শিশুৰ মৃতদেহ।

এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি মঙলবাৰে নগাঁও জিলাৰ জুৰীয়াত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। নিৰ্মাণ কাৰ্য চলি থকা পানী যোগান আঁচনিৰ টেংকিত ওপঙি থকা অৱস্থাত এটি দহ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হয় উত্তেজনাৰ।

সোমবাৰে পৰাই সন্ধানহীন হৈ আছিল মজিবুৰ ৰহমান নামৰ শিশুটি। স্থানীয় একাংশ লোকে শিশুটিৰ মুখত ব্লেক টেপ মৰা আছিল বুলি দাবী কৰাৰ লগতে পানী যোগান আচঁনিতৰ টেংকি নিৰ্মাণত জড়িত কোনো লোকে শিশুটিক হত্যা কৰি পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰি সৃষ্টি হয় উত্তেজনাৰ।

লগতে পঢ়ক :  হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতু ৰঞ্জন শৰ্মাক কৃতি শিক্ষক বটা প্ৰদান

শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় শ শ লোকে কৰ্মৰত বনুৱা সকলক আবদ্ধ কৰি সৃষ্টি কৰে উত্তপ্ত কৰিস্থিতিৰ। ঘটনাৰ খবৰ পাই জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে শিশুটিৰ মৃত্যুৰ তদন্তও আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply