ৰূপহীহাট : ঢেকীয়াজুলী ৰাজহ চক্ৰৰ এলেকাধীন চৰ-চাপৰি অঞ্চলত অবৈধভাৱে বসবাস কৰা লোক সকলক ১৫ দিনৰ ভিতৰত চৰ-চাপৰি খালি কৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰাৰ পিছতেই চৰাঞ্চলবোৰত সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতিৰ৷ চৰাঞ্চল সমূহত যি সকল লোকে ঘৰ, বস্তি সাজি খেতি বাতি কৰি চৰাঞ্চলৰ ভূমি বেদখল কৰি আছিল সকলোকে পোন্ধৰ দিনৰ ভিতৰত ভূমি বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ঢেকীয়াজুলীৰ চক্ৰ বিষয়াই।

প্ৰশাসনে বান্ধি দিয়া সময়সীমা পাৰ হ’বলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত দিকবিদিক হেৰুৱাই একাংশই ঘৰ-দুৱাৰ ভাঙি অন্য ঠাইলৈ গুচি যোৱাৰ বিপৰীতে আন একাংশই নিৰাপদ আশ্ৰয়ৰ সন্ধানত ব্যস্ত হৈ পৰিছে৷ উল্লেখ্য যে শাক-পাচলিৰ ভৰাল হিচাপে খ্যাত এই চৰাঞ্চল সমুহত অভিলেখ পৰিমানৰ শাক-পাচলি উৎপাদন হয়৷ এই চৰাঞ্চলবোৰত উৎপাদিত শাক-পাচলিয়ে উজনি অসম আৰু গুৱাহাটীৰ লগতে স্থানীয় নগাঁও জিলাৰ চাহিদা পূৰণ কৰি আহিছে৷ ফচল লহপহ কৈ বাঢ়ি অহাৰ সময়ত এই দৰে উচ্ছেদৰ জাননী লাভ কৰি মূৰে কপালে হাত দিছে চৰাঞ্চলৰ লোক সকলে৷

লগতে পঢ়ক : ডবকাত বাইক চোৰক ৰাইজে উত্তম-মাধ্যম সোধাই গতালে আৰক্ষীক

নিজৰ গাঠিৰ ধনৰ লগতে উচ্চা হাৰত সুদৰ টকা লৈ অবৈধভাৱে দখল কৰা চৰকাৰী ভূমিত খেতি কৰি এতিয়া সৰ্বস্বান্ত হৈ পৰাৰ ভয়ত ত্ৰাস্তমান হৈ পৰা চৰাঞ্চলৰলোক সকলৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান চৰৰ মাটি উচ্ছেদ কৰক কিন্তু আমাক জীয়াই থাকিবলৈ অন্য স্থানত সংস্থাপনৰ ব্যৱস্থা কৰক। চৰাঞ্চলৰ লোক সকলে পথাৰতে নিজৰ শস্য এৰি এতিয়া আশ্ৰয় বিচাৰি ফুৰিছে। ঘৰ-দুৱাৰ ভাঙি, পৰিয়ালক লগত লৈ ওলাই আহিছে বহু লোক।

(বাহাৰুল ইছলাম)

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply