নলবাৰী : শুকুৰবাৰে নলবাৰী ছোৱালী হাইস্কুল ভেকচিন কেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। কেন্দ্ৰটোত ভেকচিন প্ৰদানৰ ক্ষেত্ৰত বিসংগতিৰ অভিযোগ উত্থাপন কৰি ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ভেকচিন কেন্দ্ৰটোত ক’ভিড ভেকচিন লবলৈ অহা একাংশ লোকে অভিযোগ উত্থাপন কৰিছে যে দীঘলীয়া শাৰী পাতি বহুতো লোকে বৃহস্পতিবাৰে নিশাৰে পৰা কেন্দ্ৰটোৰ বাহিৰত শাৰী পাতি থিয় হৈ আছে যদিও একাংশ লোকে শাৰী নপতাকৈ মাজত সুমাই ভেকচিন ল’বলৈ সক্ষম হৈছে।

লগতে পঢ়ক : নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

একাংশ লোকে নিশাৰে পৰা ভেকচিন কেন্দ্ৰৰ বাহিৰত থিয় হৈ থকাৰ পৰিবৰ্তে একাংশ লোকে শাৰী নপতাকৈ ভেকচিন লোৱাৰ পিছত স্বাস্থ্যকৰ্মীয়ে ভেকচিন শেষ হোৱা বুলি ঘোষণা কৰাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। লগে লগে আৰক্ষী, চি আৰ পি এফ বাহিনী আৰু নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত উৰ্মী ডেকাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply