টীয়কঃ ধৰ্ষণৰ অভিযোগত টীয়কত দুই যুৱকক আটক।

টীয়কৰ হেমলাই চাহ বাগিছাৰ এগৰাকী এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত সেই অঞ্চলৰে দুই যুৱক ক্ৰমে বিনয় দত্ত আৰু সমীৰ নায়ক টীয়ক আৰক্ষীয়ে আটক কৰি আদালতত হাজিৰ কৰে।

অভিযোগ মতে যোৱা ১৮ এপ্ৰিলতে দুই যুৱকে এই জঘন্য ঘটনা সংঘটিত কৰিছিল যদিও কিশোৰী গৰাকীয়ে ভয়ত ঘটনাটো লুকুৱাই ৰাখিছিল।

শুকুৰবাৰে চেলেংহাট আৰক্ষী চকীত যুৱতীগৰাকীৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰে এক এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 313/21 IPC 341,342,376(3,34) এক গোচৰ ৰুজু কৰে।

শুকুৰবাৰে সেই গোচৰৰ ভিত্তিতে দুই যুৱকক আৰক্ষীয়ে আটক কৰে। উল্লেখযোগ্য যে দুই যুৱকৰ বয়স মাত্ৰ ১৯ বছৰ।

অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও কম বয়সৰ এইসকল যুৱক যুৱতীৰ এনে কু মানসিকতাই সকলোকে স্তম্ভিত কৰি তুলিছে।

ইপিনে যুৱকদ্বয়ৰ পৰিয়ালে উক্ত যুৱতীগৰাকীৰ চৰিত্ৰত আঙুলি তুলি এয়া এক পাৰিবাৰিক কণ্ডলৰ পৰিনাম বুলি মন্তব্য কৰিছে।

আৰু পঢ়কঃতেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিলে নৱ নিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,888 other subscribers

Leave a comment

Leave a Reply