স্মৃতি প্ৰিয়া লাহন, টীয়কঃ সৰুৰে পৰা সংস্কৃতি চৰ্চাৰ লগত জড়িত থলুৱা শিল্পী কমলা গগৈ সকলোৰে পৰিচিত। অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত দিহানাম পৰিৱেশন কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে কমলা গগৈ।
যোৰহাট জিলাৰ ভগামুখ তামুলী গাঁৱত জন্ম হৈছিল কমলা গগৈৰ।
সংস্কৃতি চৰ্চাকে জীৱনৰ লক্ষ্য হিচাপে লৈ আগবাঢ়ি যোৱা গগৈয়ে এতিয়া লৈকে বহু কেইখন দিহানামৰ কিতাপ লিখি কণ্ঠদান কৰি আহিছে।
বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দিহানাম,টোকাৰী গীত,নাম কীৰ্তন পৰিবেশন কৰি আৰ্জিত মাননিয়ে পৰিয়াল পোহ- পাল দি আহিছিল গগৈয়ে।
গগৈৰ সংস্কৃতি সাধনাৰ কাল চোৱাত লাভ কৰিছিল দিহাসম্ৰাট, দিহাৰত্ন উপাধি লগতে বকুল বনৰ বঁটা,সংস্কৃতি সাধনা বঁটা, নৃতাঞ্জলি বঁটা।
লগতে পঢ়কঃচাৰিদুৱাৰ এৰালিলগাত বন্যহস্তীৰ তাণ্ডৱ
কিন্তু যোৱা দুটা বছৰ ধৰি কোভিড মহামাৰীৰ সন্ত্ৰাসৰ ফলত প্ৰায় বন্ধ হৈ আছে ধৰ্মীয় অনুষ্ঠান সমূহ, যাৰ বাবে উপাৰ্জনবিহীন হৈ পৰিছে কমলা গগৈ।
জীৱনৰ আধা বয়স সংস্কৃতি চৰ্চা কৰিয়ে ঘৰখন পৰিচালনা কৰি অহা গগৈয়ে চৰকাৰক বিচাৰিছে সহায়ৰ হাত।
লগতে তেওঁৰ দৰে যি সকল থলুৱা শিল্পী মহামাৰীৰ ত্ৰাসত পৰি দিশহাৰা হৈছে তেওঁলোককো আৰ্থিক অনুদান আগবঢ়াবৰ বাবে চৰকাৰক হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছে।