টীয়কঃ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সৌজন্যত ডাঃ যদুনাথ বুঢ়াগোহাঁইৰ তত্বাৱধানত টীয়কৰ পংকজ বিলাস কলাক্ষেত্ৰ মৈত্ৰীস্থল নামঘৰ প্ৰেক্ষাগৃহত এক চিকিৎসা শিবিৰ আৰু কৰ্কট ৰোগৰ সজাগতা সভা অনুস্থিত কৰা হয়। উক্ত সভাত পংকজ বিলাস কলাক্ষেত্ৰৰ সকলো সদস্য-সদস্যাৰ লগতে দাঁতিকাষৰীয়া বহুতো ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে, কৰ্কট ৰোগৰ ওপৰত বিশিষ্ট চিকিৎসকগৰাকীয়ে বিভিন্ন মন্তব্য আগবঢ়াই ৰাইজক ইয়াৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি বা ইয়াক কিদৰে আৰম্ভণিতে প্ৰতিৰোধ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে।

লগতে পঢ়কঃব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

সকলোকে নিয়মীয়াকৈ বছৰত এবাৰ হ’লেও শৰীৰটো পৰীক্ষা কৰিবলৈ আহ্বান জনায়। লগতে এইদৰে অসমৰ বিভিন্ন অঞ্চলত সজাগতা সভাত উপস্থিত থাকি সমগ্ৰ অসমতে মাৰাত্মক ব্যাধিৰ বিৰুদ্ধে যুঁজ দি যাব বুলি আশা প্ৰকাশ কৰে।উল্লেখ্য যে, এই সভাতে উপস্থিত ৰাইজক বিনামূলীয়াকৈ সেৱা ভাৰতীৰ উদ্যোগত ৰক্তচাপ আৰু ব্লাড চুগাৰ পৰীক্ষা কৰা হয় আৰু প্ৰয়োজন অনুসৰি সকলোকে চিকিৎসকগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply