টিয়কঃ শিল্পী দিৱসৰ দিনটোতে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰে বহুকেইগৰাকী ব্যক্তিক বিভিন্ন বঁটাৰে সন্মানিত কৰাৰ লগতে শিল্পী পেঞ্চন, এককালীন সাহাৰ্য প্ৰদান কৰে। কিন্তু এই শিল্পী পেঞ্চনৰ তালিকাৰ পৰা এইবাৰো বঞ্চিত হৈ ৰ’ল মঘাই ওজাৰ প্ৰিয় শিষ্য সত্তৰ উৰ্ধৰ টীয়কৰ বলাই হাজৰিকা ওজা।

দীৰ্ঘদিন ধৰি শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিও বঞ্চিত হোৱা বলাই হাজৰিকাই এইবাৰ আশা কৰিছিল শিল্পী পেঞ্চন লাভ কৰিব বুলি । কিন্তু এইবাৰো বঞ্চিত হোৱাত দুখত ভাগি পৰিছে ঢুলীয়া শিল্পী গৰাকী।

লগতে পঢ়কঃবাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন

উল্লেখযোগ্য যে, বিগত সময়ত অসমৰ বহুকেইগৰাকী জনপ্ৰিয় শিল্পী বলাই ওজাৰ খবৰ ল’বলৈ বিভিন্ন সময়ত টীয়কস্থিত তেওঁৰ বাসগৃহত উপস্থিত হৈ প্ৰতিবাৰে শিল্পী পেঞ্চনৰ তালিকাত তেওঁৰ নাম সন্নিৱিষ্ট কৰাৰ আশ্বাস দিছিল যদিও এইবাৰো শিল্পীগৰাকী পেঞ্চনৰ পৰা বঞ্চিত হ’ব লগা হ’ল। জীৱনৰ এই শেষ বেলিকাত পেঞ্চনৰ ব্যৱস্থা কৰি জীৱন যাপনৰ সুবিধা কৰি দিবৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে শিল্পী বলাই ওজাইয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply