টীয়কঃ কোমল চাউলৰ জলপান এঠা দৈৰ অবিহনে উদযাপন কৰিব নোৱাৰি অসমীয়াৰ বাপতি সাহোন বিহু।
হেঁপাহৰ ৰঙালীক লৈ এতিয়া অসমবাসীৰ মাজত ব্যস্ততাৰ অন্ত নাই।
দৈ, চিৰা , লাৰু -পিঠা গোটাই বিহুটিক আদৰিবলৈ সকলোৰে মাজত চলিছে ব্যাপক প্ৰস্তুতি।
আৰু পঢ়কঃ ক’ভিড প্ৰট’কল নসাৎ কৰি বিহুৰ বজাৰত উবুৰি খাই পৰিছে ৰাইজ
ঠিক একেদৰে ৰাইজক দৈ -ক্ৰীম যোগান ধৰিবলৈয়ো ব্যস্ত হৈ পৰিছে দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়ী সকল।
টীয়কৰ নেপালী সত্ৰৰ উদিয়মান যুৱক দূৰ্লভ গোস্বামীয়ে ২০০৩ চনতে আৰম্ভ কৰিছিল দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়। গোস্বামী মিল্ক প্ৰডাক্ট নামেৰে এই প্ৰতিষ্ঠানটো নিজ গৃহতে অশেষ কষ্টেৰে আৰম্ভ কৰিছিল।
পৰৰ্ৱতী সময়ত সুদীৰ্ঘ ১৭টা বছৰ গৰকা এই প্ৰতিষ্ঠানটোৱে বিহু উপলক্ষে দৈনন্দিনকৈ অতিৰিক্ত প্ৰায় পাঁচ হাজাৰ দৈ গাখীৰৰ টেকেলি উজনিৰ প্ৰায়বোৰ জিলালৈ প্ৰেৰণৰ দিহা কৰিছে।

সমান্তৰালকৈ ক্ৰীম,ঘিউ, পনীৰ,পেৰাকে ধৰি কেইবাবিধো দুগ্ধজাত সামগ্ৰীও যোগানৰ ব্যৱস্থা কৰিছে।
উল্লেখযোগ্য যে এই ব্যৱসায়ৰ লগত ৫০০ৰো অধিক পৰিয়াল জড়িত হৈ স্বাৱলম্বিতাৰ পথ সুগম কৰিছে।
ইপিনে স্থানীয় মৃৎ শিল্পৰ লগত জড়িত শতাধিক পৰিয়ালে টেকেলি যোগান ধৰি আৰ্থিক উপাৰ্জনৰ পথ সুগম কৰিছে।