টীয়কঃ টীয়কৰ পৰা নতুনকৈ প্ৰকাশ পোৱা ছয়মহীয়া কাব্যালোচনী “শিকলি”ৰ প্ৰথমটো সংখ্যা বসন্ত সংখ্যা হিচাপে শুকুৰবাৰে প্ৰকাশ পাইছে।
কাব্যালোচনীখনৰ প্ৰথমটো সংখ্যা টীয়কৰ “খবৰ ২৪×৭ অসম” ৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
কাব্যালোচনীখনৰ মুখ্যসম্পাদক কবি অৰূপজ্যোতি হাজৰিকাই আঁতধৰা অনুষ্ঠানত কাব্যালোচনী খন উন্মোচন কৰে বিশিষ্ট কবি , গীতিকাৰ অজিত বৰদলৈয়ে।
অনুষ্ঠানটোত যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰামপ্ৰসাদ ফুকন, জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়া, ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, সাৰংগপানি শইকীয়া, স্মৃতি প্ৰিয়া লাহন, কবি দেৱজিত হাজৰিকা, কবি মিন্টু সাগৰ দাস, কবি ৰঞ্জণ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
উল্লেখযোগ্য যে বছৰত বসন্ত আৰু শৰৎ সংখ্যা হিচাপে কাব্যালোচনীখনৰ দুটা সংখ্যা প্ৰকাশ পাব।