টীয়ক, স্মৃতি প্ৰিয়া লাহন: ভাৰতীয় জনতা পাৰ্টি কলিয়াপানী মণ্ডলৰ অধীনস্থ পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ ৫৮ নং বুথ সমিতিত প্ৰধান মন্ত্ৰীৰ মন কী বাত আৰু বুথ সভা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।

ৰাষ্ট্ৰীয় কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ সদস্য দেৱজিত বৰুৱা বিশেষভাৱে উপস্থিত থকা এই অনুষ্ঠান বুথৰ সভাপতি সম্পাদক প্ৰমুখ্য বহুতো ৰাইজ উপস্থিত হৈ মন কী বাত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এই সভাতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যগৰাকীৰ উপস্থিতিত বিজেপি দলৰ উন্নয়নমুখী আঁচনি তথা উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক পুৰুষ-মহিলাই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

বুথৰ সভাপতি স্বৰূপ জ্যোতি দত্তই আঁত ধৰা উক্ত অনুষ্ঠানত কলিয়াপানী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক অভিজিত বৰুৱা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply