স্মৃতি ৰেখা লাহন, টীয়ক: দেশত ভয়াবহ কোৰোনাই দিশহাৰা কৰিছে সকলোকে। ৰাজ্যত গণসংক্ৰামণ ৰোধৰ বাবে প্ৰশাসনে আনিছে নতুন নতুন নীতি নিৰ্দেশনা৷ ৰাজ্যত বৰ্তমান আংশিক লকডাউন, যাৰ ফলত ব্যৱসায় বানিজ্য, কৃষি কৰ্মত বাৰুকৈ প্ৰভাৱ পৰিছে ৷
দেশৰ গ্ৰাম্য অৰ্থনীতি ভাঙি থানবান হৈছে।তেনে সময়তে টীয়কৰ বামুণপুখুৰীৰ অমৰ জ্যোতি পাঁচনী নামৰ এজন ব্যক্তিৰ এক ইতিবাচক শ্ৰম আৰু প্ৰচেষ্টাই আশা কঢ়িয়াইছে গ্ৰাম্য অৰ্থনীতিলৈ ৷মূলত মাছৰ পোনাৰ ব্যৱসায়ৰ লগত জড়িত অমৰজ্যোতিয়ে বিগত ১৭ টা বছৰে নিজা বাৰীত প্ৰায় ৫ বিঘা মাটিত ফিচাৰি কৰি এই ব্যৱসায়ৰ জড়িয়তে প্ৰায় ৮০ টাকৈ পৰিয়ালক সংস্থাপিত কৰিছে ৷
লক ডাউনৰ বাবে মানুহ গৃহবন্দী,বাকী ব্যৱসায় সমূহো মণ্ডা অৱস্থালৈ গতি কৰিছে, কিন্তু বিশেষকৈ গ্ৰাম্যঞ্চলত মানুহৰ এতিয়া মাছ প্ৰতিপালনৰ প্ৰতি আগ্ৰহ বাঢ়িছে, বহু লোকে ব্যৱসায়িক ভিত্তিত নিজৰ বাৰীৰে পুখুৰীত মাছ প্ৰতিপালন কৰিবলৈ আৰম্ভ কৰিছে ৷ যাৰ বাবেই এই লক ডাউনৰ সময়টো অমৰজ্যোতি পাচনীৰ ব্যৱসায়ত অন্য সময়তকৈ বেছি ভাল উপাৰ্জন হৈছে বুলি মত পোষণ কৰিছে ৷
বিশেষকৈ উজনি অসমত মাছৰ পোনাৰ ব্যৱসায়ত লোক সকলে মনোনিবেশ কৰা দেখা নায়ায় ৷ কিন্তু সেই সময়তে টীয়কৰ নিচিনা ঠাইত ১৭ বছৰৰ আগৰ পৰাই এই মাছৰ পোনাৰ ব্যৱসায় কৰি নিজৰ লগতে বহুসংখ্যক পৰিয়াল সংস্থপিত কৰাটো অতি যোগাত্মক।অৱশ্যে আজি পৰ্যন্ত এই ব্যৱসায়ীজনে চৰকাৰী কোনো সা সুবিধা লাভ কৰা নাই।সেয়ে নতুন চৰকাৰখনে এনেদৰে খাটি খোৱা জনক কিছু সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।
লগতে পঢ়ক ব্যতিক্ৰমি কামকাজেৰে চৰ্চিত হৈছে চৰাইদেউৰ এজন যুৱক