টীয়কঃ ১০২নং টীয়ক বিধানসভা সমষ্টিৰ জাঁজীমুখত গাঠিৰ ধন ভাঙি ৰাইজে যাতায়তৰ বাবে নদীৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া হৈছে দলং। টীয়কৰ জাঁজীমুখ কামান গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি দলঙৰ অভাৱত নদীয়েদি বিপদসংকুল ভাৱে যাতায়াত কৰি আহিছে।
সেয়েহে গাঁৱৰ ৰাইজে দুই এপইচাকৈ তুলি জাঁজীনদীৰ এৰাসূঁতিৰ ওপৰত বাঁহ আৰু কাঠৰে নিৰ্মাণ কৰি উলিয়াইছে এখন দলং। গাঁৱৰ সকলোৱে মিলি নিৰ্মাণ কৰি উলিওৱা দলংখন সোমবাৰে শুভ উদ্বোধন কৰে অঞ্চলটোৰ সচেতন ব্যক্তি তথা প্ৰকৃতি প্ৰেমী ললিত টাইডে।
লগতে পঢ়কঃমহানগৰীত দিন-দুপৰতে ডকাইতি কাণ্ড: এজন লোকৰ পৰা কাঢ়ি নিলে ডেৰ লাখ টকা
উল্লেখ্য যে, বিজেপিৰ সাংসদ, মিত্ৰজোঁটৰ বিধায়ক, পঞ্চায়ত থকাৰ পিছতো ৰাইজে এনেদৰে গাঠিৰ ধন ভাঙি দলং নিৰ্মাণ কৰিবলগীয়া বিষয়টোৱে চৰকাৰখনৰ বিফলতা প্ৰতিফলন কৰিছে বুলি সৰ্বতে চৰ্চিত হৈছে।