টীয়ক, স্মৃতি প্ৰিয়া লাহন: চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ধঁপাত কোষৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষ্যে মঙলবাৰে টীয়কৰ বৰা বজাৰ প্ৰাংগণত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ধঁপাত কোষৰ সভানেত্ৰী ৰিতাঞ্জলি শইকীয়াই।

এই অনুষ্ঠানতে যোৰহাট জিলাৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ড৹ জ্যোতিময় ভট্টাচাৰ্যৰ লগতে জিলাৰ এটি প্ৰতিনিধি দল উপস্থিত থাকে। অনুষ্ঠানত আৰম্ভণিতে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৰেক্টৰ সুনিল কুমাৰ দত্তই আদৰণি ভাষণত ধপাত নিয়ন্ত্ৰণৰ সন্দৰ্ভত মতামত দাঙি ধৰে।

জ্যোতি বিদ্যাপীঠ টীয়কৰ অধ্যক্ষ প্ৰশান্ত দাস, শিক্ষক অশোক বৰাকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্য-মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে, এই বৰ্ষৰ ধঁপাত বিৰোধী দিৱসৰ থিম হৈছে ‘পৰিৱেশৰ প্ৰতি ভাবুকি’। অনুষ্ঠানৰ শেষত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে ধঁপাতৰ প্ৰচলনৰ বিৰুদ্ধে এখনি বাটৰ নাট প্ৰদৰ্শন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply